অসম

assam

ETV Bharat / state

ৰহাত ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান - ৰহাত ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান

মুঠ ১৮০ জন ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰা হয় ।

Raha
Raha

By

Published : Oct 6, 2020, 10:18 PM IST

ৰহা, 6 অক্টোবৰঃ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ,নগাঁও জিলা প্ৰশাসন আৰু ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত মঙলবাৰে ৰহাত ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীলৈ ভূমি পট্টা বিতৰণ কৰা হয় ৷ ৰহা মীন মহাবিদ্যালয়ৰ কমলমল্ল বুজৰবৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে ৷

লগতে পঢ়কঃহু ইজ বদৰুদ্দিন ! মহাজোঁটৰ আঁৰৰ অংক কি ?

অনুষ্ঠানৰ আদৰণী ভাষণ প্ৰদান কৰে ৰহাৰ ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা বনিয়া ডেকাই ৷ এই অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাস , ৰহা মীন মহাবিদ্যালয়ৰ ডীন ডঃ কৃষ্ণ কান্ত তামুলী,জেষ্ঠ্য অধ্যাপক ডঃ সুশান্ত বৰঠাকুৰ,ৰহা ৰাজহ চক্ৰৰ সহকাৰী চক্ৰ বিষয়া সন্তোষ নাথ উপস্থিত থাকে । অনুষ্ঠানত মুঠ ১৮০ জন ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰা হয় ।


ABOUT THE AUTHOR

...view details