অসম

assam

ETV Bharat / state

পৰ্যটকৰ বাবে মুকলি লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য - Lawkhowa and Burha Sapori wildlife sanctuary open for the tourists

2019-20 পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য ৷ অভয়াৰণ্য কতৃপক্ষৰ ভাষ্য অনুসৰি, পৰ্যটকৰ বাবে অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই প্ৰথমবাৰ পৰীক্ষামূলকভাৱে ব্ৰহ্মপুত্ৰৰ মাজৰ বালিৰ চৰত এটা অস্থায়ী শিৱিৰ স্থাপন কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

পৰ্যটকৰ বাবে মুকলি লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য

By

Published : Nov 9, 2019, 1:55 AM IST

নগাঁও, 8 নৱেম্বৰঃ শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ'ল লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য । এই অনুষ্ঠানত অসমৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এ.এম. সিঙে ফিটা কাটি 2019-20 পৰ্যটন বৰ্ষৰ বাবে অভয়াৰণ্যখনৰ শুভ উদ্বোধন কৰে ৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে মুখ্য বন্যপ্ৰাণী তত্বাৱধায়ক টি.ভি. ৰেড্ডী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰৰ লগতে কেইবাগৰাকীও শীৰ্ষ বন বিষয়া উপস্থিত থাকে । অভয়াৰণ্য কতৃপক্ষৰ ভাষ্য অনুসৰি, পৰ্যটকৰ বাবে অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই প্ৰথমবাৰ পৰীক্ষামূলকভাৱে ব্ৰহ্মপুত্ৰৰ মাজৰ বালিৰ চৰত এটা অস্থায়ী শিৱিৰ স্থাপন কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

পৰ্যটকৰ বাবে মুকলি লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য

আগন্তুক দিনত "বুঢ়াচাপৰি শীতকালীন উৎসৱ" অনুষ্ঠিত কৰি পৰ্যটকক বিশেষভাৱে আৰ্কষিত কৰাৰো পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্যিক বনবিভাগে ৷ ইয়াৰোপৰি পৰ্যটকৰ থকা-খোৱাৰ বাবে অত্যাধুনিক অস্থায়ী কেম্প, স্পীড বোট, জীপ চাফাৰী আদি কেইবাটাও নতুন পদক্ষেপেৰে পৰ্যটকক আৰ্কষণ কৰাৰ বিশেষ চেষ্টা হাতত লোৱা বুলি বন বিভাগৰ শীৰ্ষ বিষয়াদ্বয়ে সংবাদ মাধ্যমক অৱগত কৰে ৷

আৰু পঢ়কপৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জ

ABOUT THE AUTHOR

...view details