নগাঁও, 26 ছেপ্টেম্বৰ :কলঙৰ পাৰত ঘাতকৰ কিৰিলি (Crime case in Nagaon) ৷ ইটোৰ পিচত সিটোকৈ সঘনাই নগাঁৱত সংঘটিত হৈছে হত্যাকাণ্ড ৷ নগাঁৱৰ সাম্প্ৰতিক আইন শৃংখলাক লৈ যেন উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ সচেতন নাগৰিক । সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈও যেন উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ । কাৰণ নগাঁৱত 24 ঘন্টাৰ ভিতৰত সংঘটিত হৈছে দুটা নৃশংস হত্যাকাণ্ড (Murder case in Assam) ।
দেওবাৰ এগৰাকী মহিলাক ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা ঘাতকৰূপী কৰ্মচাৰীৰ । দেওবাৰৰ দিনটোত সকলো শুভ মহালয়াক লৈ ব্যস্ত থকাৰ সময়তে নগাঁও চহৰৰ মাজমজিয়াতে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো । নগাঁও চহৰৰ ৰাজ মেডিকেল নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰীৰ পত্নী ৰুমী দত্তক সন্ধিয়া ঘৰৰ ভিতৰতে অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ ঘাতকৰূপী কৰ্মচাৰীৰ বিৰুদ্ধে ।
সন্ধিয়া ডিঙি কটা আৰু তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয় ৰুমী দত্ত নামৰ এইগৰাকী মহিলাৰ মৃতদেহ । সন্ধিয়া ঘৰত কোনো নথকাৰ সুযোগ লৈয়েই ডিঙি কাটি অতি নৃশংসভাৱে হত্যা কৰা হয় ৰুমী দত্ত নামৰ মহিলাগৰাকীক (Woman murder in Nagaon) । অৱশ্যে নিশাটোৰ ভিতৰতে হত্যাকাণ্ডটোত জড়িত থকাৰ অভিযোগত ৰাজ মেডিকেলৰ পৰা বহিষ্কাৰ কৰা কৰ্মচাৰী সুব্ৰত মজুমদাৰক আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ।
ফাৰ্মাচীখনৰ পৰা উলিয়াই দিয়াৰ প্ৰতিশোধতে মহিলাগৰাকীক হত্যা কৰাৰ দাবী নগাঁও আৰক্ষীৰ ৷ ৰাজ মেডিকেল নামৰ ফাৰ্মাচীত কৰ্মচাৰী হিচাপে থকা সুব্ৰত মজুমদাৰে ফাৰ্মচাৰীৰ পৰা চুৰি কৰাৰ অভিযোগত কামৰ পৰা উলিয়াই দিছিল স্বত্বাধিকাৰীয়ে । ফাৰ্মাচীখনৰ আন এগৰাকী কৰ্মচাৰীয়েও উল্লেখ কৰে এই কথা ।