গুৱাহাটী, ১৮ মে': ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডটো অধিক শক্তিশালী আৰু উন্নত কৰাৰ প্ৰয়োজন আছে । ৰাজ্যৰ স্বাস্থ্যমন্ত্রীৰ প্ৰতি এই আহ্বান সাংসদ আব্দুল খালেকৰ । ৰাজ্যৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি সাংসদ আব্দুল খালেকে নৱ নিযুক্ত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তলৈ কেতবোৰ দাবী আৰু পৰামৰ্শৰে এখন পত্র প্ৰেৰণ কৰে ।
পত্রযোগে সাংসদ খালকে নৱ নিযুক্ত স্বাস্থ্যমন্ত্রীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, স্বাস্থ্যখণ্ডৰ নিৰ্মিয়মান প্ৰকল্পসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰিব লাগে । তেওঁ কয় যে, বৰ্ত্তমান সময়ত কৰ'ণা ৰোগীৰ চিকিৎসাৰ বাবে আই চি ইউৰ প্ৰয়োজনীয়তা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু তেনেস্থলত নিৰ্মিয়মান আই চি ইউৰ প্ৰকল্পসমূহ অগ্ৰাধিকাৰ ভিত্তিত শীঘ্ৰে সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰিব লাগে ।
বনগাঁও চিভিল হাস্পতালত আই চি ইউৰ নিৰ্মাণকাৰ্য চলি আছে বুলি উল্লেখ কৰি সাংসদ খালেকে বৰপেটা চিভিল হাস্পতালত আই চি ইউৰ ব্যৱস্থা কৰাৰ বাবে স্বাস্থ্য মন্ত্রীৰ দৃষ্টি আকৰ্ষণ কৰে। তেওঁ কয় যে বৰপেটা চিভিল হাস্পতালত আই চি ইউৰ ব্যৱস্থা হ’লে ৰোগীসকলে চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা মূল্যবান সময় বাহিৰলৈ যোৱাত অপব্যয় নহ'ব।