ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ’ল প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ শেষকৃত্য নগাঁও, 8 জানুৱাৰী :এগৰাকী বৰ্ষীয়ান ৰাজনীতিবিদক হেৰুৱালে অসমে । মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ পৰা একেৰাহে পাঁচবাৰকৈ অসম বিধানসভাত প্ৰতিনিধিত্ব কৰা প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ শনিবাৰে পৰলোকপ্ৰাপ্তি ঘটে (Former minister Najrul Islam Passes away)।
দীৰ্ঘদিনৰ পৰাই অসুস্থ হৈ থকা প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামে শনিবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ যোৱা অৱস্থাতে ত্যাগ কৰে শেষ নিশ্বাস । 74 বছৰ বয়সত জীৱন নাট সামৰা ডাঃ নজৰুল ইছলামে চিকিৎসা বিজ্ঞানৰ শিক্ষা সামৰি প্ৰথমে কোকৰাঝাৰৰ কঁচুগাও চিকিৎসালয়ৰ চিকিৎসক হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত ৰূপহীহাটৰ গড়াজান আৰু অভিভক্ত নগাঁও জিলাৰ ডবকা চিকিৎসালয়ত যোগদান কৰি চিকিৎসা সেৱা আগবঢ়ায় ।
পৰৱৰ্তী সময়ত 1996 চনত চিকিৎসকৰ চাকৰি এৰি ৰাজনৈতিক পথাৰত ভৰি দিয়ে ডাঃ নজৰুল ইছলামে । 1996 চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি লাহৰীঘাট সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় ডাঃ ইছলাম । 1996 চনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ লাহৰীঘাট সমষ্টিবাসীৰ মাজত অতি প্ৰিয় হৈ পৰিছিল ডাঃ নজৰুল ইছলাম ।
যাৰ বাবে কোনো দিনে পৰাজয় স্বীকাৰ নকৰাকৈ 1996 চনৰ পৰা 2021 চনলৈ একেৰাহে পাঁচবাৰকৈ তেওঁ একেটা সমষ্টিৰ পৰাই অসম বিধানসভালৈ নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল । 2001 চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বত অসমত চৰকাৰ গঠন হোৱাৰ এটা বছৰ পিচতেই স্বাস্থ্যমন্ত্ৰী আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছ চৰকাৰৰেই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰিত্ব লাভ কৰি সফলতাৰে তিনিটা কাৰ্যকাল সম্পন্ন কৰিবলৈ সক্ষম হয় ডাঃ নজৰুল ইছলামে ।
লগতে পঢ়ক :Nazrul Islam passes away: প্ৰয়াত প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামলৈ মৰিগাঁৱত শেষ শ্ৰদ্ধাঞ্জলি
কেৱল এয়াই নহয়, নিজৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰিও 2021 চনৰ বিধানসভা নিৰ্বাচনত নিজৰ পুত্ৰ ডাঃ আছিফ মহম্মদ নাজাৰক সমষ্টিটোৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰাবলৈ সক্ষম হয় ইছলাম । শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰাৰ পিচতেই অসম প্ৰদেশ কংগ্ৰেছ কাৰ্যালয়, জাগীৰোড, মৰিগাঁও আৰু লাহৰীঘাট সমষ্টিলৈ লৈ অনা হয় নজৰুল ইছলামৰ নশ্বৰ দেহ (Last tribute to Nazrul Islam)।
এগৰাকী বৰ্ষীয়ান ৰাজনীতিবিদক হেৰুৱালে অসমে ইছলামৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ নিশা লোকৰণ্য হৈ পৰে মৰিগাঁও । দেওবাৰে পুৱা নগাঁও ৰাজীৱ ভৱনতো ইছলামৰ নশ্বৰ দেহ অনাৰ পিচত নগাঁও জিলা কংগ্ৰেছৰ লগতে বিভিন্নজনে জ্ঞাপন কৰে শেষ শ্ৰদ্ধা । দেওবাৰে পুৱা প্ৰায় দহ বজাত ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ (Funeral of Former minister Najrul Islam)।
নগাঁও টাউন ঈদগাহত ডাঃ নজৰুল ইছলামৰ জানাজা সম্পন্ন কৰা হয় । প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ শেষকৃত্যত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনসহ বহু জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে ।
বিধায়ক অথবা মন্ত্ৰী হৈ থকা সময়ত সদায় বিতৰ্কৰ পৰা আঁতৰত থকা বৰ্ষীয়ান ৰাজনীতিবিদ ডাঃ নজৰুল ইছলামৰ মৃত্যুৰ খবৰ শনিবাৰে বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে সমগ্ৰ ৰাজনৈতিক মহল । জন্মস্থান লাহৰীঘাটৰ উপৰিও সমগ্ৰ ৰাজ্যতে পৰে গভীৰ শোকৰ ছাঁ ।
প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছৰ উপৰিও ইছলামৰ একালৰ সতীৰ্থ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অজন্তা নেওগ, পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মাকে ধৰি বিভিন্নজনে শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক :Former minister Najrul Islam Passes away: এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত