নিৰ্বাচনী প্ৰচাৰ সামৰিলে মণিমাধৱ মহন্তই - kaliabar
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই নিজ গৃহভূমিত সামৰণি মাৰে প্ৰচাৰ অভিযান ৷ আনফালে কলিয়াবৰৰ নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ শৰ্মায়ো পিতৃক লগত লৈ সামৰণি মাৰে নিৰ্বাচনী প্ৰচাৰ ৷
কলিয়াবৰ, 10 এপ্ৰিলঃমঙলবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কলিয়াবৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই গৃহভূমিত সামৰিলে মাৰাথন প্ৰচাৰ ৷ মঙলবাৰে পুৱাৰে পৰা গৃহভূমি কলিয়াবৰত মাৰাথন প্ৰচাৰ চলায় যুৱ নেতাজনে ৷ কুঁৱৰীটোল, মাজ-পূৱথৰীয়া, জখলাবন্ধা, হাটবৰ, বামুণী, কেলিডেন, মিছা আদি স্থানত অন্তিম দিনা কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। আনহাতে, পঞ্চায়ত, বিধানসভাত আমানত জব্দ হোৱাৰ পিচতো লোকসভা নিৰ্বাচনলৈ টঙালি বন্ধা কলিয়াবৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ শৰ্মায়েও মঙ্গলবাৰে কেৱল পিতৃক লগত লৈ নিৰ্বাচনী প্ৰচাৰ সামৰে।