কলিয়াবৰ, 24 জুন : ৰাজ্যত অব্যাহত আছে বনাঞ্চল ধ্বংসকাৰী তথা চোৰাং কাঠ(Illegal Timber) ব্যৱসায়ৰ ৰমৰমীয়া বেহা । উল্লেখ্য যে, কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে(State Government) বলৱৎ কৰা সান্ধ্য আইনৰ সুযোগ লৈ একাংশ চোৰাং কাঠ(Illegal Timber) ব্যৱসায়ীয়ে মূল্যৱান গছ কাটি বন ধ্বংস কাৰ্য অব্যাহত ৰাখে । ইয়াৰ লগতে একাংশ অবৈধ কাঠফলা কল(Wooden mill) তো চলি আছে অবৈধভাৱে কাঠফলা কাৰ্য ৷
সেয়েহে ৰাজ্যৰ ভিন্ন প্ৰান্তত বন বিভাগে(Forest Department) অভিযান চলাই অবৈধ কাঠসহ বৃহৎসংখ্যক কাঠফলা মেচিন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আন প্ৰান্তৰ দৰে কলিয়াবৰৰ বনাঞ্চলসমূহতো বনধ্বংস যজ্ঞ অব্যাহত থকাত ইয়াৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষী(Kaliabor police) আৰু শিলঘাট বন বিভাগ(Shilghat Forest Department) তৎপৰ হৈ পৰিছে ৷