চামগুৰি,17 জুন:নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত শুকানজুৰিত বুধবাৰে সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা ৷ ১৮ টাকৈ বন্যহস্তীয়ে কিছু দিন পূৰ্বে কৰুণ মৃত্যুক সাঁৱতি লোৱাৰ পাচতে বুধবাৰে পুনৰ শুকানজুৰি বাগানত বহু সংখ্যক গৰুৱে অকাল মৃত্যুক আকোঁৱালি ল’ব লগাত পৰিছিল ৷ উল্লেখযোগ্য যে, প্ৰাথমিক অনুসন্ধান অনুযায়ী বাগান কৰ্তৃপক্ষৰ অসচেতনতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ বাগানখনত পেছটিছাইত জাতীয় ঔষধ দিয়াৰ ফলতেই বাগানত ঘাঁহ খাই বিষক্ৰিয়া হৈ মৃত্যুমুখত পৰিছিল পশুধনসমূহ ৷
উল্লেখযোগ্য যে, নিজৰ গাঠিঁৰ ধন ভাঙি গোপালক সকলে মূৰৰ ঘাম মাটিত পেলাই ক্ৰয় কৰা গো ধনৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই । সেই কাৰণে বৃহস্পতিবাৰে ঘটনাটোৰ উচিত তদন্ত আৰু ক্ষতিপূৰণ বিচাৰি বাগানত উপস্থিত হয় কেইবাটাও জাতীয়তাবাদী সংগঠনৰ লগতে স্থানীয় ৰাইজ । অতি উদ্বেগজনক ভাৱে ৰাইজৰ দাবী বাগান কৰ্তৃপক্ষই মানি ল'ব নিবিচৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ । তাৰপাচতে উপায়ুন্তৰ হৈ ৰাইজ তথা দল-সংগঠনৰ লগত আলোচনাত বহে বাগান কৰ্তৃপক্ষ ।