অসম

assam

ETV Bharat / state

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ'ব লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য

পৰ্যটকৰ বাবে মুকলি হ'ল লাওখোৱা অভয়াৰণ্য ৷ মুকলি হ'ব নৌকা বিহাৰো ৷ জলপথেৰে পৰ্যটকে উপভোগ কৰিব পাৰিব লাওখোৱা, বুঢ়াচাপৰিৰ প্ৰাকৃতিক সৌন্দৰ্য ৷

By

Published : Nov 2, 2020, 6:23 PM IST

লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য
লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য

নগাঁও, 2 নৱেম্বৰ:পুনৰ প্ৰাণ পাই উঠিছে এসময়ত এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য ৷ দীৰ্ঘদিনৰ বিৰতিৰ অন্তত পুনৰ পৰ্যটকৰ আগমনেৰে জীপাল হৈ উঠিব অভয়াৰণ্যখন ৷ শীতকালৰ আগমনৰ লগে লগেই এক অপৰূপ সৌন্দৰ্যৰে ভৰি পৰে অভয়াৰণ্যখনৰ কাটাখাল, ৰৌমাৰী আদি অঞ্চল ৷ এশিঙীয়া গঁড়ৰ বিচৰণভূমি লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য দুখন চোৰাং চিকাৰী আৰু চোৰাং কাঠব্যৱসায়ীৰ ৰম্যভূমিত পৰিণত হৈছিল ৷ অৱশ্যে কিছু বছৰৰ পৰা বন বিভাগৰ লগতে প্ৰকৃতিপ্ৰেমী সংগঠন, স্বেচ্ছাসেৱী সংগঠনৰ তৎপৰতাত পুনৰ প্ৰাণ পাই উঠাৰ পথত গতি কৰিছে অভয়াৰণ্য দুখনে ৷ বিগত বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰা লাওখোৱা অভয়াৰণ্যত ৮ হাজাৰৰো অধিক পৰ্যটকৰ আগমন ঘটাৰ পাচত এইবাৰ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় লাওখোৱা অভয়াৰণ্যৰ কাটাখাল এলেকা ৷ সম্প্ৰতি প্ৰায় 200 তকৈয়ো অধিক প্ৰজাতিৰ চৰাই চিৰিকটিৰে ভৰি আছে অভয়াৰণ্যখন ৷

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ'ব লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্য

এক উখল মাখল পৰিবেশৰ মাজৰে অভয়াৰণ্যখন মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ৷ ইতিমধ্যে অভয়াৰণ্যখনৰ কাটাখাল এলেকা মুকলি কৰাৰ পাচত দন্দুৱা এলেকাও পৰ্যটকৰ বাবে মুকলি কৰিবলৈ তৎপৰ হৈছে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিভাগ ৷ কেৱল এয়াই নহয় লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যন্ত্ৰচালিত নাৱৰ ব্য়ৱস্থা কৰিবলৈয়ো তৎপৰ হৈ পৰিছে বন্যপ্ৰাণী সংমণ্ডল বিভাগ ৷ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেই ব্ৰহ্মপুত্ৰৰ পৰা যন্ত্ৰচালিত নাৱেৰে পৰ্যটকে উপভোগ কৰিব পাৰিব অভয়াৰণ্য দুখনৰ নৈসৰ্গিক সৌন্দৰ্য ৷ অভয়াৰণ্য দুখনত শেহতীয়াকৈ বৃদ্ধি পাইছে বাঘৰ সংখ্যাও ৷ হাতী, হৰিণাকে ধৰি বিভিন্ন জীৱ জন্তু থকা অভয়াৰণ্য দুখনত বিশেষকৈ নানা প্ৰজাতিৰ চৰাইৰ আগমনে পৰ্যটকক আকৰ্ষণ কৰিব বুলি আশাবাদী প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ ৷

লগতে পঢ়ক:আমুৰ ফেলকন:উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰক চহকী কৰা অন্যতম পক্ষী

ABOUT THE AUTHOR

...view details