জুৰীয়া, 27 জানুৱাৰীঃজুৰীয়া সুঁতিৰপাৰস্থিত END কাৰ্যালয়ত নিশা একাংশ লোকে মাটি দখল কৰাৰ অভিযোগ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ২৬ জানুৱাৰীৰ বাবে সকলো ব্যস্ত থকাৰ সুযোগ লৈ একাংশ লোকে ৰাতি এন্ধাৰৰ সুযোগ লৈ পকাখুটা পুতি মাটি দখলৰ প্ৰচেষ্টা চলায় ৷ END কাৰ্যালয়তৰ পৰা ৫০ মিটাৰ কাষতে সুঁতিৰপাৰ আৰক্ষী চকী অৱস্থিত যদিও আৰক্ষীয়ে কোনো খবৰ নাপালে এই কাৰ্যৰ ৷ পৰৱৰ্তী সময়ত আৰক্ষীক এখন এজাহাৰ দাখিল কৰাত সোমবাৰে জুৰীয়া আৰক্ষীৰ সহযোগত সেই স্থানৰ পৰা খুটা সমুহ তুলি পেলোৱা হয় ৷ স্থানীয় ৰাইজৰ মতে, বছৰৰ কোনোবাটো দিনৰ বাহিৰে বাকী সময় খিনিত কাৰ্যলয়টো তলা মৰা অৱস্থাত থকাৰ বাবে একাংশ লোকে আগৰে পৰা মাটি দখলৰ প্ৰচেষ্টা কৰি আহিছে ৷
জুৰীয়াত এন্ধাৰৰ সুযোগ লৈ চৰকাৰী মাটি দখলৰ অভিযোগ একাংশ লোকৰ - END কাৰ্যালয়
স্থানীয় লোকৰ অভিযোগ অনুসৰি জুৰীয়াৰ সুঁতিৰপাৰস্থিত END কাৰ্যালয়ত নিশা একাংশ লোকে মাটি দখলৰ প্ৰচেষ্টা কৰে ৷ ইয়াৰোপৰি একাংশ লোকে আগৰে পৰা এই স্থানত মাটি দখলৰ প্ৰচেষ্টা কৰি আহিছে ৷
অভিযোগ একাংশ লোকৰ