চামগুৰি, 30 নৱেন্বৰ :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sharma) নিৰ্দেশ মৰ্মেৰাজ্যৰ পৰা দালাল ৰাজ উৎখাত কৰাৰ বাবে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ ভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক হৈছে কেইবাটাও ভূ-মাফিয়া (Arrested Land Mafia) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষীয়ে দালালৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে মঙলবাৰে পুনৰ আৰক্ষীৰ জালত পৰিছে এটা মাটিৰ দালাল ।
ঘটনাৰ বিৱৰণি অনুসৰি, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত মঙলবাৰে মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান । এই অভিযানতে নগাঁও জিলাৰ চামগুৰি আৰক্ষী (Operation by Samoguri Police)য়ে কৰায়ত্ত কৰে ৰফিকুল ইছলাম নামৰ মাটিক দালালটোক । জানিব পৰা মতে, আটকাধীন মাটিৰ দালালটোৰ ঘৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত গেৰুৱামুখ গাঁৱত ।