অসম

assam

ETV Bharat / state

লাহৰীঘাট থানাৰ এএছআই দুৰ্নীতি নিবাৰক শাখাৰ জালত - CM Himanta Biswa Sarma

বুধবাৰে নিশা দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক অম্বিক কুমাৰ নাথক (Assam Police) । লাহৰীঘাট আৰক্ষী থানাৰ পৰাই গ্ৰেপ্তাৰ কৰি দুৰ্নীতি নিবাৰক শাখাৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াগৰাকীক (Laharighat Police station ASI net of anti corruption) ।

laharighat
laharighat

By

Published : Sep 29, 2022, 1:26 PM IST

ধিং, ২৯ ছেপ্টেম্বৰ : দুৰ্নীতি নিবাৰক শাখাৰ জালত খাকী পোছাকধাৰী । এইবাৰ দুই হাত দাঙিলে লাহৰীঘাট আৰক্ষী থানাৰ এজন ঘোচ খোৰ সহকাৰী উপ-পৰিদৰ্শকে । ধনৰ খঁকত মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক অম্বিক কুমাৰ নাথে দাঙিলে দুই হাত (anti corruption branch arrested Laharighat PS ASI) । হাত দাঙি ক'বলৈ ধৰে, "মই ঘোচ লোৱা নাই" ।

উল্লেখ্য, ইজনৰ পিছত সিজন ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰী অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ (Assam Govt anti corruption branch) জালত পৰাৰ পিছতো যেন শিক্ষা পোৱা নাই একাংশ নিলাজ বিষয়াই । আশ্চৰ্যকৰ বিষয় যে এতিয়াও কমা নাই ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ধনৰ খঁক । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰৰ নিৰ্দেশত দুৰ্নীতিবিৰোধী অভিযান অধিক তীব্রতৰ কৰি তুলিছে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই ।

উল্লেখ্য, অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ নামত ধন বিচাৰিছিল আৰক্ষী বিষয়াজনে । কিন্তু উৎকোচৰ ধন উদৰস্থ কৰাৰ পূৰ্বেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে খাকী পোছাকধাৰীজন । খাকী পোছাকত পুনৰ কলংকৰ দাগ লগাই ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ হয় আৰক্ষী বিষয়াজন । বুধবাৰে নিশা দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক অম্বিক কুমাৰ নাথক (Assam Police) ।

বুধবাৰে নিশা লাহৰীঘাট আৰক্ষী থানাৰ পৰাই গ্ৰেপ্তাৰ কৰি দুৰ্নীতি নিবাৰক শাখাৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াগৰাকীক (Laharighat Police station ASI net of anti corruption) । দলটোৱে আৰক্ষী বিষয়াগৰাকীক জেৰা চলোৱাৰ লগতে বিষয়াগৰাকীৰ বাসগৃহতো অভিযান চলোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে লাহৰীঘাটৰ এইগৰাকী আৰক্ষী বিষয়াই থানাত ৰুজু হৈ থকা এক গোচৰৰ তদন্ত শ্ৰীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবদ অভিযোগকাৰীৰ পৰা 50 হাজাৰ টকা দাবী কৰিছিল । পিছত দৰদাম 25 হাজাৰ টকাত বুজাবুজি হয় । সেইমতে অভিযোগকাৰীৰ পৰা বুধবাৰে নিশা 10 হাজাৰ টকা উৎকোচ লোৱাৰ সময়তেই পূৰ্বৰ পৰা সাজু হৈ থকা ভিজিলেন্সৰ দলটোৱে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ।

এই সন্দৰ্ভত ভিজিলেন্সে দুৰ্নীতি প্ৰতিৰোধ আইনৰ 7 (ক) ধাৰাৰ অধীনত 45/2022 নম্বৰৰ এটি গোচৰ ৰুজু কৰে । এনে একাংশ ঘোচখোৰ বিষয়াক হাতে-লোটে গ্ৰেপ্তাৰ কৰাৰ পিছতো একাংশই উৎকোচৰ বজাৰ চলাই নিয়াৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখযোগ্য যে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযানৰ ফলত বহু ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰী আতংকিত হৈছে যদিও অতি ধুৰন্ধৰ একাংশ ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ঘোচ লোৱাৰ প্ৰদ্ধতিও সলনি কৰাৰ খবৰো মাজে-সময়ে প্ৰকাশ পাইছে । সেয়ে এনে পদক্ষেপৰ দ্বাৰা অসম চৰকাৰৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন পূৰণ হ'বনে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :হোজাইৰ উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন

ABOUT THE AUTHOR

...view details