অসম

assam

ETV Bharat / state

ৰূপহীহাটৰ জুৰীয়াত লাচিত দিৱস উদযাপন - মহাবীৰ লাচিত বৰফুকন

জুৰীয়া থিয়টাঙনী চাৰিআলিত অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকন দেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন ও মাল্যাৰ্পৰ্ণেৰে স্মৰণ কৰা হয়।

Lachit divas celebrations at rupohihat
ৰূপহীহাটৰ জুৰীয়াত লাচিত দিৱস উদযাপন

By

Published : Nov 24, 2020, 4:48 PM IST

ৰূপহীহাট,24 নৱেম্বৰঃআজি মহাবীৰ লাচিত দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰূপহীহাটৰ জুৰীয়াটো অনুষ্টুপিয়াকৈ পালন কৰা হৈছে লাচিত দিৱস । জুৰীয়া থিয়টাঙনী চাৰিআলিত অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকন দেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন ও মাল্যাৰ্পৰ্ণেৰে স্মৰণ কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জুৰীয়া আঞ্চলিক সমিতি ,জুৰীয়া শাখা ছাত্ৰ সন্থা ,জুৰীয়া সংবাদ ক্লাৱ, জুৰীয়া মণ্ডল বিজেপিকে আদি কৰি জুৰীয়াৰ বহুসংখ্যক গণ্যমাণ্য ব্যক্তি । এই অনুষ্ঠানতে সকলোৰে সহযোগত জুৰীয়া থিয়টাঙনী চাৰিআলিটোক লাচিত বৰফুকন চাৰিআলি নামেৰে নামাকৰণ কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ তৰুণ গগৈৰ মৃত্যুত আৱেগিক প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা

ABOUT THE AUTHOR

...view details