কলিয়াবৰ, 22 মে’ : ৰাজ্যত আংশিক লকডাউনে দিশহাৰা কৰিছে সাধাৰণ জনতাক । বিশেষকৈ দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়া লোক সকল এতিয়া একপ্ৰকাৰ সৰ্বস্বান্ত হৈ পৰিছে । এই দুঃসময়তে ঠিকাদাৰৰ শোষণৰ বলি হৈ ইটানগৰৰ পৰা পাহাৰ বগাই স্ব-গৃহত উপস্থিত হ'লহি কলিয়াবৰৰ ২৫ জনকৈ যুৱক ।
ঘটনা অনুসৰি, চৰিফুল আলি আৰু ৰহম আলি নামৰ ঠিকাদাৰ দুজনে কলিয়াবৰৰ কুঠৰীৰ ২৫ জনকৈ যুৱকক কামৰ বন্দোবস্তিৰে ইটানগৰলৈ নিছিল । কিন্তু ইটানগৰত কাম শেষ হোৱাৰ পাচতেই ঠিকাদাৰ দুজনে যুৱককেইজনৰ কামৰ বিনিময়ত পাৰিশ্ৰমিক দিয়াৰ পৰিৱৰ্তে, দাবী-ধমক দি তাৰ পৰা পঠিয়াই দিয়ে । ফলত তেওঁলোকে প্ৰায় ডেৰ-দুমাহকৈ কৰা কামৰ বিনিময়ত একো পাৰিশ্ৰমিক নাপাই লঘোণে-ভোকে কেইবাদিনো ঠিকাদাৰক বিচাৰি কটাবলগীয়া হয় ।