অসম

assam

ETV Bharat / state

২৬ নৱেম্বৰত বেচৰকাৰী মটৰ শ্ৰমিক সন্থাৰ কৰ্মবিৰতি - labour union

নগাঁও জিলা বেচৰকাৰী শ্ৰমিক সন্থাৰ নেতৃত্বই ২৬ নৱেম্বৰত পালন কৰিব কৰ্ম বিৰতি কাৰ্যসূচী ৷ সমগ্ৰ দেশজুৰি ২৬ নৱেম্বৰত হ'ব লগা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে নগাঁও জিলা বেচৰকাৰী মটৰ শ্ৰমিক সন্থাই ৷

labour-union-press-meet-at-nagaon
২৬ নৱেম্বৰত বেচৰকাৰী মটৰ শ্ৰমিক সন্থাৰ কৰ্মবিৰতি

By

Published : Nov 12, 2020, 3:55 PM IST

নগাঁও, 12 নৱেম্বৰঃ সমগ্ৰ দেশজুৰি ২৬ নৱেম্বৰত হ'ব লগা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে নগাঁও জিলা বেচৰকাৰী মটৰ শ্ৰমিক সন্থাই ৷ বৃহস্পতিবাৰে নগাঁৱত এক সংবাদ মেলৰ আয়োজন কৰি এই কথা সদৰি কৰে নগাঁও জিলা বেচৰকাৰী শ্ৰমিক মটৰ সন্থাৰ নেতৃত্বই ৷ নগাঁও জিলা বেচৰকাৰী শ্ৰমিক সন্থাৰ নেতৃত্বই ২৬ নৱেম্বৰত পালন কৰিব কৰ্ম বিৰতি কাৰ্যসূচী ৷

২৬ নৱেম্বৰত বেচৰকাৰী মটৰ শ্ৰমিক সন্থাৰ কৰ্মবিৰতি

উল্লেখ্য যে, আলু পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা, আয়কৰ দিব ন'লগা প্ৰতিটো পৰিয়ালক প্ৰতি মাহে ৭,৫০০ টকাকৈ প্ৰদান কৰা, এম জি এনেৰেগাৰ কাম ২০০ দিনলৈ বৃদ্ধি কৰি শ্ৰমিকক দৈনিক ৬০০ টকাকৈ হাজিৰা প্ৰদান কৰা, বেংক, বীমা, প্ৰতিৰক্ষা, ৰেল, তেল বিদ্যুৎ খণ্ড ,বিমান বন্দৰকে ধৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণ বন্ধ কৰা আদিৰ দাবীত গ্ৰহণ কৰা হ'ব এই কাৰ্যসূচী ৷

লগতে পঢ়কঃসশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই

ABOUT THE AUTHOR

...view details