অসম

assam

ETV Bharat / state

পাঁচদিনে সন্ধানহীন নগাঁৱৰ বৰুণ কৰ - নগাঁও

বিগত পাঁচদিনে সন্ধানহীন হৈ আছে এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত বৰুণ কৰ নামৰ শ্ৰমিকগৰাকী

শ্ৰমিক বৰুণ কৰ

By

Published : Mar 21, 2019, 6:48 PM IST

নগাঁও, ২১ মাৰ্চঃ পুনৰ ৰাজ্যৰ পৰা সন্ধানহীন ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিক । বিগত পাঁচদিন ধৰি নগাঁৱৰ পৰা সন্ধানহীন হৈ আছে বৰুণ কৰ নামৰ শ্ৰমিকগৰাকী । নগাঁৱৰ চকীটোপত ঘৰ চল্লিশ বছৰীয়া অবিবাহিত শ্ৰমিকগৰাকীৰ ৷

নগাঁও বজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত শ্ৰমিক হিচাপে কৰ্মৰত আছিল বৰুণ কৰ ওৰফে বাপ্পী নামৰ লোকগৰাকী । কিন্তু বিগত পাঁচদিন পূৰ্বেই প্ৰতিষ্ঠানটোলৈ বুলি ওলাই গৈ আজিলৈকে ঘৰলৈ ঘূৰি অহা নাই শ্ৰমিকগৰাকী ।

শ্ৰমিক বৰুণ কৰ

ইতিমধ্যে ঘটনা সন্দৰ্ভত নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে শ্ৰমিকগৰাকীৰ পৰিয়ালৰ লোকে । কিন্তু ঘটনাৰ পাঁচদিন পিচটো আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে শ্ৰমিকগৰাকীৰ ম'বাইলত যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ফোনটো চুইটছ অফ দেখাই থকা বুলি উল্লেখ কৰিছে । কোনো সদাশয় লোকে শ্ৰমিকগৰাকীৰ সন্ধান পালে নগাঁও সদৰ থানাত নাইবা পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।

ABOUT THE AUTHOR

...view details