নগাঁও, 5 এপ্ৰিলঃআগন্তুক লোকসভা নিৰ্বাচনত অগপ বিজেপিৰ মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা কৃষক শ্ৰমিক উন্নয়য়ন পৰিষদৰ । কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিক সমৰ্থন কৰা বুলি সংবাদমেলত মন্তব্য সংগঠনটোৰ নেতাৰ ৷ বিগত দিনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ থকা কৃষক শ্ৰমিক উন্নয়ন পৰিষদে অৱশেষত সমৰ্থন কৰিলে অগপ বিজেপি মিত্ৰজোঁটক ।
অগপ-বিজেপি মিত্ৰজোঁটক সমৰ্থন কৃষক শ্ৰমিক উন্নয়য়ন পৰিষদৰ - ষক শ্ৰমিক উন্নয়য়ন পৰিষদ
নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰা কৃষক শ্ৰমিক উন্নয়য়ন পৰিষদৰ মুকলি সমৰ্থন অগপ বিজেপিৰ মিত্ৰজোঁটক ৷ সংবাদমেল যোগে এই কথা প্ৰকাশ সংগঠনটোৰ নেতাৰ
শুকুৰবাৰে সংগঠনটোৰ নগাঁও জিলা কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰি আগন্তুক লোকসভা নিৰ্বাচনত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ অসমবাসীক আহ্বান জনায় সংগঠনটোৰ কেন্দ্ৰীয় সমিতিয়ে । বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ বিৰুদ্ধে ভোটদান কৰিবলৈ আহ্বান জনায় । কেৱল এয়াই নহয় সংগঠনটোৱে অখিল গগৈ, হীৰেন গোহাঁইৰ দৰে ব্যক্তিৰ বিৰুদ্ধেও কৰে বহু বিস্ফোৰক মন্তব্য । অৱশ্যে ভৱিষ্যতেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিব বুলি স্থিতি স্পষ্ট কৰিলে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ কলিতাই ।