কলিয়াবৰ, 30 আগষ্ট : আজি ভাদ মাহৰ পবিত্ৰ শ্ৰীকৃষ্ণ জন্মাষ্টমী ৷ ক’ভিডৰ বাবে বাধ্য-বাধকতা থাকিলেও ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব জন্মাষ্টমী ৷ কলিয়াবৰতো আড়ম্বৰপূৰ্ণভাৱে নহ’লেও সাধাৰণভাৱেই ছ-অৰা সত্ৰৰ লগতে গাঁৱসমূহৰ নামঘৰ আৰু ঐতিহাসিক নৃসিংহ দেৱালয়, বাসুদেৱ দেৱালয়, দুলাল-মাধৱ দেৱালয়, সৌভাগ্য মাধৱ দেৱাল, গোপাল থান আদি দৌল-দেৱালয়ত পালন কৰা হ’ব জন্মাষ্টমী ৷
কলিয়াবৰৰ সৈতে আছে শ্ৰীকৃষ্ণৰ এক সুকীয়া সম্পৰ্ক । শ্ৰীকৃষ্ণই কুণ্ডিল নৃপতি ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণীক হৰণ কৰি আহি বৰ্তমানৰ কলিয়াবৰত কলীয়া বৰগছৰ তলত জিৰাই গৈছিল বুলি এক কিম্বদন্তি প্ৰচলিত হৈ আহিছে । আহোম যুগৰ ৰজা বাহৰ থকা বৰ্তমানৰ মিৰি-ভেটি গাঁৱত থকা এজোপা বৃহৎ বৰ গছক লৈ এই জনশ্ৰুতি পূৰ্বৰ পৰা চলি আহিছে ।
আহোম যুগত টাই-আহোম ভাষাত 'টুং-ৰুং-ডাম' অৰ্থাৎ ক'লা বৰ গছৰ ঠাইৰ পৰা কলিয়াবৰ হোৱা বুলিও বিশ্বাস । সেই বাবেই কলিয়াবৰত অতীতৰে পৰা গুৰুজনাৰ নীতি-আদৰ্শৰে প্ৰতিষ্ঠিত সত্ৰ-নামঘৰসমূহত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ভক্তিভাৱেৰে পালন হৈ আহিছে ।