চামগুৰি, 31 জুলাই : অসম কৃষি বিশ্ববিদ্যালয়ৰ (assam agricultural university) অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱে কৃষি কৰ্ম আৰু আনুসংগিক ক্ষেত্ৰখনৰ গুণগত বীজ উৎপাদন আৰু যোগানৰ বাবে কৃষি প্ৰযুক্তি প্ৰয়োগীকৰণ আৰু গৱেষণা প্ৰতিষ্ঠান (ATARI -Zone-vi) ৬ নং মণ্ডলৰ দ্বাৰা ঘোষিত ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ সন্মান আঁজুৰি আনি জিলা খনৰ লগতে সমগ্ৰ ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰলৈ ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ সন্মান - ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰ
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱে (NAGAON) জন্ম লগ্নৰে পৰাই কৃষক সমাজৰ উন্নতিৰ হকে বিশেষভাৱে কাম কৰি আহিছে । বিভিন্ন উন্নত জাতৰ ধান, সৰিয়হ, মাহজাতীয় শস্যৰ বীজৰ লগতে অন্যান্য ৰোপন সামগ্ৰী, বিশেষকৈ নেমু, জালুক, নাৰিকল, তামোল, উন্নত প্ৰজাতিৰ ঘাঁহ, কেচুসাৰ আদিৰ উপৰিও হাঁহ কুকুৰা আদি উৎপাদনৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৰ অৱদান অতুলনীয়। সেইবাবেই এই সন্মান প্ৰদান কৰা হৈছে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰলৈ ৷
নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰলৈ ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ সন্মান
ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ নীতি আয়োগৰ দ্বাৰা উক্ত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱে সৰ্ব ভাৰতীয় ভিত্তিত ‘A’ গ্ৰেড কৃষি বিজ্ঞান কেন্দ্ৰ হিচাপে চিহ্নিত হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়কঃ অমলেটেই কাল হ’ল এগৰাকী মহিলাৰ...