চামগুৰি , 7 অক্টোবৰ :নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল বৰজুৰি কাৰ্বিগাঁৱত বুধবাৰে অনুষ্ঠিত হয় আত্মসমৰ্পণকাৰী কাৰ্বি উগ্ৰপন্থী কে পি এল টি গোটৰ এখন বিশেষ সভা ৷ বিগত ৪ চেপ্তেম্বৰত শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পাচত বুধবাৰে আনুষ্ঠানিকভাৱে সভাখনৰ আয়োজন কৰা হয় ৷ উল্লেখ্য যে, দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি আংলং অট’নমাছ কাউঞ্চিলৰ চি ই এম সহ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে দিল্লীত ছয় উগ্ৰপন্থী সংগঠনৰ সদস্যসকলে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল ৷
কাৰ্বি আংলঙৰ উন্নয়নৰ বাবে অংগীকাৰৱদ্ধ হ'ল KPLT ৰ যুদ্ধ বিৰতি গোট লগতে পঢ়ক:ৰন্ধন গেছৰ আকাশলংঘী মূল্যই গৃহিণীৰ মূৰত শোধাইছে মাধমাৰ
এই ছয় উগ্ৰপন্থী সংগঠন হৈছে ক্ৰমে কে পি এল টি , কে পি এল টি(আৰ), কে পি এল টি(এম), কে পি এল টি (এফ), ইউ পি এল এ আৰু পি ডি চি ৷ তনয় কুমাৰ নায়কে উদ্দেশ্য বাখ্যা কৰা সভাখনত আত্মসমৰ্পণকাৰী কে পি এল টিৰ সদস্য সকলে ভূৱন ক্ৰৰক এই সভাৰ সভাপতিত্ব কৰে ৷ ইয়াৰ লগতে ৰাজু টগবীক সাধাৰন সম্পাদক হিচাপে লৈ “চুছেং ধেন্টা চ’ছিয়েল ৱেলফেয়াৰ” নামৰ এখন কমিটিও গঠন কৰা হয় ৷
এই কমিটিৰ জৰিয়তে কাৰ্বি আংলঙৰ সামগ্ৰিক উন্নয়ন তথা সমাজ জীৱনত জড়িত হৈ সেৱা আগবঢ়াবলৈ অংগীকাৰবদ্ধ হয় আত্মসমৰ্পণকাৰী কাৰ্বি উগ্ৰপন্থী কে পি এল টি গোটৰ সদস্যসকল ৷ চৰকাৰৰ লগত হোৱা শান্তি চুক্তি মৰ্মে চৰকাৰে দিয়া আশ্বাস কাৰ্যকৰীকৰণ হ'ব বুলিও তেওঁলোকে আশা ব্যক্ত কৰে ৷
লগতে পঢ়ক:পাঁচোটা সমষ্টিতেই উন্নয়নৰ পক্ষত ভোট দিবলৈ আহ্বান সাংসদ দিলীপ শইকীয়াৰ