অসম

assam

ETV Bharat / state

লেহেমীয়া গতিত চলিছে কলিয়াবৰৰ শ্লুইছ গে'টৰ নিৰ্মাণকাৰ্য - kolong sluice gate at kaliabar

কলিয়াবৰবাসীৰ সুবিধাৰ্থে জলসম্পদ বিভাগে প্ৰায় ১৩৫ কোটি টকা ব্যয় সাপেক্ষে হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ অংশ কাটি সম্পূৰ্ণ মুকলি কৰি তাত শ্লুইছ গে'ট স্থাপনৰ কাম আৰম্ভ কৰিছিল । ইতিমধ্যে কামো চলি আছে, কিন্তু নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা প্ৰতিস্থানটোৰ কামৰ লেহেমীয়া গতি দেখি এতিয়া চিন্তিত স্থানীয় ৰাইজ তথা জিলাখনৰ বিভিন্ন দল সংগঠন ।

লেহেমীয়া গতিত চলিছে কলিয়াবৰৰ শ্লুইছ গে'টৰ নিৰ্মাণকাৰ্য
লেহেমীয়া গতিত চলিছে কলিয়াবৰৰ শ্লুইছ গে'টৰ নিৰ্মাণকাৰ্য

By

Published : Mar 6, 2021, 5:28 PM IST

কলিয়াবৰ, ৬ মাৰ্চ:বাৰিষালৈ আৰু বেছি দিন নাই ৷ তেনে সময়তে এতিয়া কলিয়াবৰবাসীৰ বাবে চিন্তাৰ কাৰণ হৈছে নিৰ্মীয়মান শ্লুইছ গে'ট । কলিয়াবৰবাসীৰ সুবিধাৰ্থে জলসম্পদ বিভাগে প্ৰায় ১৩৫ কোটি টকা ব্যয় সাপেক্ষে হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ অংশ কাটি সম্পূৰ্ণ মুকলি কৰি তাত শ্লুইছ গে'ট স্থাপনৰ কাম আৰম্ভ কৰিছিল । ইতিমধ্যে কামো চলি আছে কিন্তু নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা প্ৰতিস্থানটোৰ কামৰ লেহেমীয়া গতি দেখি এতিয়া চিন্তিত স্থানীয় ৰাইজ তথা জিলাখনৰ বিভিন্ন দল সংগঠন । নিৰ্মাণকাৰী প্ৰতিষ্ঠান জেড ইঞ্জিনিয়াৰিঙৰ বিৰুদ্ধে দল-সংগঠমসমূহে উত্থাপিত কৰিছে লেহেমীয়া কামৰ অভিযোগ । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ এটা দলে কলঙৰ মুখত স্থাপন কৰা শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে । শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য অতি মন্থৰ গতিত চলা বুলি আক্ষেপ প্ৰকাশ কৰাৰ লগতে কাম সমূহ ক্ষিপ্ৰতাৰে কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষকক দাবী জনাইছে যুৱ ছাত্ৰ পৰিষদে ।

লেহেমীয়া গতিত চলিছে কলিয়াবৰৰ শ্লুইছ গে'টৰ নিৰ্মাণকাৰ্য

উল্লেখ্য যে, বাৰিষালৈ মাজত এটা মাহো বাকী নথকা সময়ত মথাউৰিটো সম্পূৰ্ণ উন্মুক্ত হৈ থকাত শংকিত স্থানীয় ৰাইজ । অতি শীঘ্ৰে শ্লুইছ গে'টৰ কাম সম্পূৰ্ণ কৰি মথাউৰিটোৰ উন্মুক্ত অংশ বন্ধ নকৰিলে ২০১৭ চনৰ দৰে অহা বাৰিষাতো কলিয়াবৰবাসীয়ে পুনৰ বানৰ কবলত পৰাৰ আশংকা কৰিছে যুৱ ছাত্ৰ পৰিষদে । কিন্তু এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য সমাপ্ত হ'ব বুলি প্ৰকাশ কৰে নিৰ্মাণকাৰী সংস্থাৰ অভিযন্তাই ।

আনহাতে কলঙৰ বুকুত চলোৱা খনন কাৰ্যতো বিসংগতিৰ অভিযোগ যুৱ ছাত্ৰ পৰিষদৰ । কলঙৰ বুকুৰ পৰা খন্দা বালি-মাটি কলঙৰ কাষতে জমা কৰি ৰখাৰ ফলত এজাক বৰষুণতে খন্দা মাটি পুনৰ কলঙৰ বুকুলৈ বাগৰি যোৱাৰ আশংকা কৰিছে তেওঁলোকে । জলসম্পদ বিভাগক বিষয়টো গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণৰ বাবেও দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে ।

লগতে পঢ়ক:বোকাজানত উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা

ABOUT THE AUTHOR

...view details