অসম

assam

ৰহাত কলঙ নৈৰ পানীয়ে সলালে বৰণঃ কি ইয়াৰ ৰহস্য ?

By

Published : May 28, 2020, 9:42 PM IST

কোনো দিনে নেদেখা কলঙৰ নতুন ৰূপ দেখিলে কলংপৰীয়া ৰাইজে । নিশাটোৰ ভিতৰতে কলঙে এনে এক দৃষ্টিনন্দন ৰূপ ধাৰণ কৰিলে যেন সৃষ্টিশীল শিপ্পীয়ে অঁকা এখন ছবিহে ।

Kolong river water colour changes to Blue
ৰহাত কলঙ নৈৰ পানীয়ে সলালে বৰণঃ কি ইয়াৰ ৰহস্য ?

কলিয়াবৰ, 28 মে': কলঙৰ কোনোদিনে নেদেখা ৰূপ ৷ ৰহাত বুধবাৰৰ নিশাটোৰ ভিতৰতে সলনি হ'ল কলঙৰ ৰূপ। কোনো দিনে নেদেখা কলঙৰ নতুন ৰূপ দেখিলে কলংপৰীয়া ৰাইজে । নিশাটোৰ ভিতৰতে কলঙে এনে এক দৃষ্টিনন্দন ৰূপ ধাৰণ কৰিলে যেন সৃষ্টিশীল শিপ্পীয়ে অঁকা এখন ছবিহে ।

কলঙ নৈৰ পানীয়ে সলালে বৰণ

কলং নদীৰ পানী হঠাতে হৈ পৰিল স্ফটিকৰ দৰে স্বচ্ছ, পৰিস্কাৰ আৰু গাঢ় নীলা। আকাশৰ শুকুলা কিম্বা কলীয়া ডাৱৰ, পাৰৰ গছ বন কলঙৰ পানীত জিলিকি উঠিছে দাপোনৰ দৰে।

ৰহাত কলঙ নৈৰ পানীয়ে সলালে বৰণঃ কি ইয়াৰ ৰহস্য ?

উল্লেখ্য যে, ৰহাত কপিলী, বৰপানী আদি নদীৰ বানৰ বিভীষিকাৰ সমান্তৰালকৈ কলং নদীয়ে ধাৰণ কৰিছে এই সৌন্দৰ্যৰে ভৰা ৰূপ ৷ যাৰ বাবে এই সৌন্দৰ্যই মানুহক আকৰ্ষণ কৰাৰ বিপৰীতে ভীতিগ্ৰস্থহে কৰি তুলিছে ৷ কিয়নো চৌদিশে মহামাৰী কৰ'ণাৰ আতংকৰ মাজতে বানপানীয়ে সৃষ্টি কৰিছে আন এক প্ৰলয়ৰ।

কলঙ নৈ নহয় যেন সৃষ্টিশীল শিপ্পীয়ে অঁকা এখন ছবিহে

তাৰ মাজতে শান্ত হৈ থকা কলঙৰ এই ৰূপে আনন্দৰ পৰিবৰ্তে কলংপৰীয়া ৰাইজৰ মনত সৃষ্টি কৰিছে উদ্বিগ্নতা ৷ কাহানিও নেদেখা কলঙে লৈছে কিয় এনে ৰূপ ! ইয়াৰ ৰহস্য কি? ৰহাৰ হাৰিয়ামুখৰ পৰা ফুলগুৰিলৈকে প্ৰায় ৭ কিলোমিটাৰ জুৰি কলঙৰ এই ৰূপে সকলোকে আকৰ্ষণ কৰিছে যদিও জিজ্ঞাসাও বঢ়াইছে সকলোৰে মনত ৷

সকলোৰে মনত এটাই প্ৰশ্ন ৰহস্য কি ?

কলঙ নৈৰ সৌন্দৰ্যৰে ভৰা ৰূপ

লগতে পঢ়কঃ বিটিচিত হ'ব জনতাৰ দৰবাৰঃ ৰাজ্যপাল জগদীশ মুখী

ABOUT THE AUTHOR

...view details