অসম

assam

নগাঁও পৌৰসভাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই প্ৰদূষিত হৈছে কলং !

By

Published : May 6, 2020, 8:34 PM IST

Updated : May 6, 2020, 8:51 PM IST

নগাঁও পৌৰসভাৰ দায়িত্বজ্ঞানহীন কাণ্ড। কলঙৰ পাৰত পৌৰসভাই কৰিছে জাৱৰ দ'ম। কলং প্ৰদূষণমুক্ত কৰাৰ বিপৰীত ছবি। আবর্জনাৰ দ'মে প্ৰদূষিত কৰিছে কলং।

kolong polluted due to irresponsibility of municipality board
kolong polluted due to irresponsibility of municipality board

নগাঁও, 6 মে' : কৰ'ণা ভাইৰাছে সৃষ্টি কৰা আতংকময় পৰিবেশৰ পৰা পৰিত্ৰাণ পাবলৈয়ে চৌদিশ বীজাণুমুক্ত কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে চৰকাৰে। স্বচ্ছতাৰ ওপৰত দিয়া হৈছে বিশেষ গুৰুত্ব। তেনে সময়ত নগাঁও পৌৰসভাৰ কাণ্ড দেখিলে নাক কোঁচ খাব আপোনাৰ। নগাঁৱৰ নেহেৰুৱালিৰ সমীপৰ কলঙৰ পাৰত জাৱৰৰ বৃহৎ দ'ম। কোনো জ্ঞানহীন লোকে এই স্থানত জাৱৰ পেলোৱা নাই । খোদ পৌৰসভাই জাৱৰ পেলাই প্ৰদূষিত কৰিছে কলঙৰ পাৰ ।

পৌৰসভাই জাৱৰ পেলাই প্ৰদূষিত কৰিছে কলঙৰ পাৰ

নগাঁৱৰ বুকুৰ আপোন কলঙৰ পাৰ পৰিণত হৈছে নগাঁও পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডলৈ । লেতেৰা আবর্জনাৰ দ'ম, দুৰ্গন্ধময় পৰিবেশ নগাঁৱৰ হৃৎপিণ্ড স্বৰূপ কলঙৰ পাৰত । বহু বৰেণ্য সাহিত্যকৰ সৃষ্টিত জীপাল কলঙৰ পাৰত এনেদৰে আৱৰ্জনা পেলাই প্ৰদূষিত কৰা কাৰ্যত ক্ষুব্ধ নগাঁৱৰ সচেতন মহল ।

প্ৰদূষিত কলং : ক্ষুব্ধ নগাঁৱৰ সচেতন মহল !

যি সময়ত কলং পৰিষ্কাৰ কৰি বোৱাবলৈ স্থানীয় বিধায়ক ৰূপক শৰ্মাই প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে বিধান সভাৰ মজিয়াতো দাবী উত্থাপন কৰিছে, তেনেসময়ত নগাওঁ পৌৰসভাই কলঙৰ পাৰতে জাৱৰৰ দ'ম কৰি পুতি দুৰ্গন্ধময় কৰি তোলাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। আনকি আৱৰ্জনাই কলঙৰ পানীও প্ৰদূষিত কৰিছে। নগাঁৱৰ প্ৰাণস্বৰূপ কলং এনেদৰে প্ৰদূষিত কৰাত কলঙৰ দুয়োপাৰৰ লোকৰ মাজত নানা ৰোগ বিয়পাৰ আশংকা কৰিছে সচেতন লোকে ।

লগতে পঢ়ক :লক্ ডাউনে সলালে নে মানুহৰ স্বভাৱ !

Last Updated : May 6, 2020, 8:51 PM IST

ABOUT THE AUTHOR

...view details