অসম

assam

ETV Bharat / state

নগাঁও জিলাৰ আয়ুসৰেখা স্বৰূপ কলং সূঁতিত অবৈধ খনন - অভিযোগ উত্থাপন

জিলা খনৰ চামগুৰিৰ বৰমাবিল গাঁৱৰ সমীপৰ এটা এলেকাত এজন ঠিকাদাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত কলংৰ মাটি খন্দাক কেন্দ্ৰ কৰি সম্প্ৰতিৰ ক্ষোভিত হৈ পৰে একাংশ স্থানীয় ৰাইজ । ঠিকাদাৰে জেচিবি, ট্ৰেক্টৰ আদিৰে অবৈধভাৱে মাটি খান্দি সেই মাটি ন্যূনতম ৫০০ টকা মূল্যৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ স্থানীয় ৰাইজে ।

নগাঁও জিলাৰ আয়ুসৰেখা স্বৰূপ কলং সুঁতিত অবৈধ খনন
নগাঁও জিলাৰ আয়ুসৰেখা স্বৰূপ কলং সুঁতিত অবৈধ খনন

By

Published : Dec 9, 2020, 10:03 PM IST

চামগুৰি,9 ডিচেম্বৰ :নগাঁও জিলাৰ আয়ুসৰেখা স্বৰূপ কলং সূঁতিক পুনঃজীৱিত কৰা তথা পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত যি সময়ত চৰকাৰী অথবা বেচৰকাৰী বিভিন্ন প্ৰকাৰে প্ৰচেষ্টা হাতত লোৱা হৈছে ঠিক সেই সময়তে একাংশ দুষ্ট প্ৰকৃতি লোকে সেই কলংৰে মাটি অবৈধভাৱে খনন কৰি এক নিকৃষ্ট কৰ্মকাণ্ডৰ পৰিচয় দাঙি ধৰিছে জিলা খনত ।

জিলা খনৰ চামগুৰিৰ বৰমাবিল গাঁৱৰ সমীপৰ এটা এলেকাত এজন ঠিকাদাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত কলংৰ মাটি খন্দাক কেন্দ্ৰ কৰি সম্প্ৰতিৰ ক্ষোভিত হৈ পৰে একাংশ স্থানীয় ৰাইজ । ঠিকাদাৰে জেচিবি, ট্ৰেক্টৰ আদিৰে অবৈধভাৱে মাটি খান্দি সেই মাটি ন্যূনতম ৫০০ টকা মূল্যৰ বিনিময়ত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ স্থানীয় ৰাইজে ।

নগাঁও জিলাৰ আয়ুসৰেখা স্বৰূপ কলং সুঁতিত অবৈধ খনন

আনকি ক্ষুব্ধ স্থানীয় একাংশ ৰাইজে ঠিকাদাৰক বাধা প্ৰদান কৰাৰাই নহয় তেওঁলোকে বিভিন্ন শ্ল’গানেৰে ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰাও পৰিলক্ষিত হয় । শীঘ্ৰে অভিযুক্ত ঠিকাদাৰ জৈনক আটাবুৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় প্ৰশাসনক আহ্বান জনায় প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়কঃ চিৰাঙৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং-প’লিং বিষয়া সহ নিৰাপত্তা বাহিনী

ABOUT THE AUTHOR

...view details