অসম

assam

ETV Bharat / state

চপৰা চপৰে খহিছে কলঙৰ পাৰ: শিক্ষানুষ্ঠানলৈ অশনি সংকেট

অবৈজ্ঞানিক পদ্ধতিৰে কলঙত কৰা খনন কাৰ্যৰ ফল ভুগিছে কলিয়াবৰবাসীয়ে । তাৰোপৰি অবিবেচকভাৱে কলঙৰ পাৰৰ গছ কাটি পেলোৱাৰ ফলত সৃষ্টি হৈছে তীব্ৰ খহনীয়াৰ (Kolong erosion at Kaliabor) ।

চপৰা চপৰে খহিছে কলঙৰ পাৰ: শিক্ষানুষ্ঠানলৈ অশনি সংকেট
চপৰা চপৰে খহিছে কলঙৰ পাৰ: শিক্ষানুষ্ঠানলৈ অশনি সংকেট

By

Published : Mar 25, 2022, 7:31 PM IST

Updated : Mar 25, 2022, 10:39 PM IST

কলিয়াবৰ,২৫ মাৰ্চ:কলঙৰ পাৰত ভয়াবহ গৰাখহনীয়া । অবিবেচকীভাৱে কলঙৰ পাৰৰ প্ৰকাণ্ড গছবোৰ কাটি পেলোৱাৰ ফলতেই খহনীয়া সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । অবৈজ্ঞানিক পদ্ধতিৰে খনন কৰাৰ ফলতেই এখন শিক্ষানুষ্ঠানলৈকো নামি আহিছে অশনি সংকেট (Bad impact to the educational institute) ।

চপৰা চপৰে খহিছে কলঙৰ পাৰ: শিক্ষানুস্থানলৈ অশানি সংকেট

জখলাবন্ধাৰ শ্ৰীশ্ৰীৰমানন্দদেৱ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ সন্মুখেৰে বৈ যোৱা কলঙৰ পাৰৰ ভয়াবহ খহনীয়াৰ সৃষ্টি হৈছে । মৃত কলঙক বোঁৱাই নিয়াৰ স্বাৰ্থত খনন কাৰ্য‍্যৰ লগতে কলঙৰ পাৰ বন্ধাৰ নামত অবিবেচকভাৱে কলঙৰ পাৰত থকা প্ৰকাণ্ড গছসমূহ কাটি পেলোৱাৰ বাবে খহনীয়াৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে বাৰিষাৰ প্ৰাকমূহুৰ্তত সমগ্ৰ অঞ্চলটোত খহনীয়াই ৰুদ্ৰৰূপ লোৱাৰ আশংকা ঘণীভূত ।

আনহাতে, নিয়ন্ত্ৰিতভাৱে কলঙৰ বুকুৱেদি লুইতৰ পানী প্ৰৱাহিত হোৱাটো দূৰৈৰ কথা, প্ৰদূষণমুক্ত নহ’ল কলং । সম্প্ৰতি 'ডাষ্টবিন'তহে যেন পৰিণত হৈছে কলং । জখলাবন্ধাৰ একাংশ ব‍্যৱসায়ীৰ লগতে অঞ্চলটোৰ বহু লোকে প্ৰতিদিনে কলঙত জাবৰ-জোঁথৰ পেলাই অহাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:গৃহস্থৰ চকুৰ সন্মুখতে দাউদাউকৈ জ্বলি ছাঁই হ’ল প্ৰায় 20 টাকৈ বাসগৃহ

Last Updated : Mar 25, 2022, 10:39 PM IST

ABOUT THE AUTHOR

...view details