অসম

assam

ETV Bharat / state

নগাঁৱত নৰেন্দ্ৰ মোদীক হিটলাৰ তথা প্ৰতাৰক আখ্যা

কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী আইনৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হিটলাৰ, প্ৰতাৰক আখ্যা নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ।

kmss protest
kmss protest

By

Published : Dec 2, 2020, 9:30 PM IST

নগাঁও, 2 ডিচেম্বৰ : দেশৰ ৰাজধানীত চলি থকা কৃষক বিদ্ৰোহক সমৰ্থন জনাই নগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । বুধবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত অনশন ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে । প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় মোদী চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে সংগঠনটোৰ কেইবাজনো নেতা ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হিটলাৰ, প্ৰতাৰক আখ্যা দিয়ে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক জিতেন বৰাই । এই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই নিখিল ভাৰত কৃষক সভা আৰু কৃষক মহাসভাই ৷ কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰো দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, যোৱা 26 নৱেম্বৰৰ পৰা দেশত চলি আছে কৃষকৰ বিদ্ৰোহ ৷ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৃষকৰ সৈতে মিলিত হৈ কথোপকথন চলোৱাৰ আশ্বাস প্ৰদান কৰিছে ৷

নগাঁৱত নৰেন্দ্ৰ মোদীক হিটলাৰ তথা প্ৰতাৰক আখ্যা

লগতে পঢ়ক :ফিল'বাৰীত ৰাস মহোৎসৱত মঞ্চস্থ কংস বধ নাট

ABOUT THE AUTHOR

...view details