অসম

assam

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত প্ৰতিবাদ - কৃষক মুক্তি সংগ্ৰাম সমিতি

কা বিৰোধী আন্দোলনত অংশ লোৱাৰ অপৰাধত বিগত বৰ্ষৰ 12 ডিচেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আটক কৰিছিল আৰক্ষীয়ে ৷ অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

kmss
অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত প্ৰতিবাদ

By

Published : Nov 20, 2020, 8:14 PM IST

নগাঁও, 20 নৱেম্বৰ :‘‘অখিল গগৈৰ ফটোক ভূত দেখা দি দেখিছে সৰ্বানন্দ সোণোৱাল চৰকাৰে ’’। অখিল গগৈৰ মুক্তিৰ দাবীত নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতেন বৰাই । বৃহস্পতিবাৰে গুৱাহাটীত দেৱালত অখিল গগৈৰ চিত্ৰ অংকন কৰাৰ অভিযোগত দুগৰাকীকৈ শিল্পীক আটক কৰাৰ পিচত নগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ৰ সমীপতে অখিল গগৈৰ চিত্ৰ অংকন কৰা বেনাৰ আঁৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷

উল্লেখ্য যে, কা বিৰোধী আন্দোলনত অংশ লোৱাৰ অপৰাধত বিগত বৰ্ষৰ 12 ডিচেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আটক কৰিছিল আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াক অৰ্পন কৰে কৃষক নেতাজনক ৷ তাৰ পাচত এটাৰ পাচত আন এটাকৈ বহুকেইটা গোচৰ জাপি দিয়া হয় অখিল গগৈৰ ওপৰত ৷

মুক্তি পাব নে অখিল গগৈয়ে !

অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰকো আটক কৰিছিল নিয়াই ৷ পৰৱৰ্তী সময়ত তিনিওকে জামিনত মুকলি কৰি দিয়া হয় যদিও বৰ্তমানেও কৰাবান্দী হৈ আছে অখিল গগৈ ৷ প্ৰায় এটা বছৰ সম্পূৰ্ণ হ’বৰ হ’ল ৷ এটা বছৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ ৷ অখিলক এইদৰে কাৰাবন্দী কৰি ৰখাত বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ প্ৰতিবাদৰ ঢৌ উঠিছে ৷ সমদলৰ পৰিৱৰ্তে দেৱাল অংকণ আৰু চ’ছিয়েল মিডিয়াৰ যোগেদি চলিছে অভিনৱ প্ৰতিবাদ চলিছে যদিও অখিল গগৈক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত কোনো আগ্ৰহ প্ৰকাশ কৰা নাই চৰকাৰে ৷

লগতে পঢ়ক :যোৰহাটত এটা দৰিদ্ৰ পৰিয়ালক গৃহ দান কৰিলে বিৰাজ হাজৰিকাই

ABOUT THE AUTHOR

...view details