অসম

assam

ETV Bharat / state

বানপানী গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

চৰকাৰৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ বানপানী, আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বাতিলৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

By

Published : Nov 3, 2019, 7:36 PM IST

বানপানী গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ


নগাঁও, 3 নৱেম্বৰঃ নগাঁৱত বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

নগাঁও জিলাৰ কামপুৰ টেপৰ আটিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামপুৰ আঞ্চলিকৰ অধিৱেশন খনি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । ৰাতিপুৱা পতাকা উত্তোলনৰ পাছতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল বাহিৰ কৰে সংগ্ৰাম সমিতিয়ে ৷ প্ৰতিবাদকাৰী সকলে ৰাজ্যৰ বানপানী আৰু গৰাখহনীয়া সমস্যৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰক দাবী জনায় ৷ আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন বাতিল কৰিবলৈও দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

বানপানী গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

তাৰোপৰি শেহতীয়া বানত ৰাজ্যৰ লগতে নগাওঁ জিলাত বিস্তৰ ক্ষতি সাধন হৈছিল ৷ ক্ষতিগ্ৰস্ত কৃষক সকলক অতিশীঘ্ৰে ক্ষতিপুৰণ দিবলৈ আহ্বান জনাই সংগঠনটোৱে ৷ লগতে জাতি মাটি ভেটি ৰক্ষাৰ হকে সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক কাম কৰাৰ বাবে চৰকাৰক দাবী জনাই প্ৰতিবাদকাৰী সকলে । বানাক্ৰান্ত লোক সকলক সাহাৰ্যৰ নামত চৰকাৰে ভেঁকুভাওঁনা কৰা বুলিও আন এক গুৰুতৰ অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে । তাৰোপৰি বানাক্ৰান্ত লোক সকলৰ পুনৰ সংস্থাপন নিদিয়াৰ পৰ্যন্ত চৰকাৰক খাদ্য যোগান ধৰাৰ দাবী কৰে প্ৰতিবাদকাৰী সকলে ।

ABOUT THE AUTHOR

...view details