অসম

assam

By

Published : Sep 23, 2020, 8:46 PM IST

ETV Bharat / state

নগাঁৱত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে সৰৱ হ'ল KMSS

প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে । সংগঠনটোৱে ৰাজ্যৰ যোগান বিভাগৰ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থতাৰ অভিযোগ তোলে ৷

KMSS has taken protest against Supply Minister Phani bhushan Chowdhury
নগাঁৱত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে সৰৱ হ'ল KMSS

নগাঁও,23 ছেপ্তেম্বৰঃকেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতি আৰু জনস্বাৰ্থ বিৰোধী নীতিৰ প্ৰতিবাদত বুধবাৰে উত্তাল হৈ পৰে নগাঁৱৰ ৰাজপথ ৷ নগাঁৱৰ কৃষ্ণাইখাটত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰূপায়িত হোৱা প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে ।

নগাঁৱত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে সৰৱ হ'ল KMSS

সংগঠনটোৱে ৰাজ্যৰ যোগান বিভাগৰ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থতাৰ অভিযোগ তোলে ৷ তদুপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু কৃষক বিৰোধী নীতি পৰিহাৰ কৰি কৃষকক উপযুক্ত সন্মান প্ৰদান কৰিবলৈও দাবী জনায় ।

লগতে পঢ়কঃঅসম আৰক্ষীৰ SI বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত আৰক্ষীৰ জালত

ABOUT THE AUTHOR

...view details