অসম

assam

ETV Bharat / state

Kisan Sansad held at Raha: হ’ব নেকি কৃষক বিদ্ৰোহৰ পুনৰাবৃত্তি ?

এইবাৰ কৃষকৰ সমস্যাক লৈ ৰহাত অনুষ্ঠিত হ’ল কৃষক সংসদ ৷ অত্যাধিক খাজনা আৰু জীৱন-জীৱিকা উচ্ছেদৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল এই কৃষক বিদ্ৰোহ (Kisan Sansad held at Raha) ।

kisan-sansad-held-at-raha
হ’ব নেকি কৃষক বিদ্ৰোহৰ পুনৰাবৃত্তি ?

By

Published : Oct 28, 2022, 5:33 PM IST

ৰহা, 28 অক্টোবৰ: হ’ব নেকি কৃষক বিদ্ৰোহৰ পুনৰাবৃত্তি ? এইবাৰ কৃষকৰ সমস্যাক লৈ ৰহাত অনুষ্ঠিত হ’ল কৃষক সংসদ ৷ অত্যাধিক খাজনা আৰু জীৱন-জীৱিকা উচ্ছেদৰ বিৰুদ্ধে অনুষ্ঠিত হ’ল এই কৃষক বিদ্ৰোহ । বিগত ১৮ অক্টোবৰৰ ঐতিহাসিক ফুলগুৰি ধেৱা দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে ৰহাত অনুষ্ঠিত হয় এই কৃষক সংসদ (Kisan Sansad held at Raha) ।

হ’ব নেকি কৃষক বিদ্ৰোহৰ পুনৰাবৃত্তি ?

কৃষক মহাসভা, অসম আৰু অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কৃষক সংসদক অত্যাধিক খাজনা আৰু জীৱন-জীৱিকা উচ্ছেদৰ বিৰুদ্ধে কৃষক বিদ্ৰোহৰ পাতনি বুলি অভিহিত কৰা হৈছে । ৰহা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত কৃষক সংসদত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞায়ো (MP Ajit Kumar Bhuyan) অংশগ্ৰহণ কৰে ।

সভাত ভাষণ দি সাংসদগৰাকীয়ে যুৱ সমাজ, ছাত্ৰ সমাজ আৰু নাৰী সমাজৰ সন্মিলিত প্ৰচেষ্টাই ইতিহাস সলনি কৰিব পাৰে বুলি মন্তব্য কৰে । কৃষক সংসদত "কাজিৰঙা সংযোজন আৰু কাষৰীয়া কৃষক ৰাইজৰ সমস্যা, অসমৰ ধান খেতিয়কে সন্মুখীন হোৱা সমস্যা, নামনি অসমৰ শাক-পাচলি উৎপাদন কৰা খেতিয়কৰ সমস্যা, নতুন ভূমি আইন আৰু খতিয়ানপ্ৰাপ্ত কৃষক আৰু অসমৰ বনত বাস কৰা কৃষকৰ সমস্যা, সীমান্তৱৰ্তী কৃষকৰ সমস্যা, বানপানী, চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি আদি বিষয় সমূহৰ সম্পৰ্কত আলোকপাত কৰা হয়।

লগতে, ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা, গাহৰি পালকৰ সমস্যা, চৰকাৰৰ প্ৰস্তাৱিত লেণ্ড বেংক আঁচনি (Lead Bank Scheme) আৰু পট্টাহীন কৃষকৰ সমস্যা, চৰ অঞ্চলৰ কৃষকৰ সমস্যা, নামনি অসমৰ বান আৰু ক্ষতিগ্ৰস্থ ৰাইজ, বতৰ পৰিবৰ্তন আৰু কৃষি ক্ষেত্ৰত পৰিব পৰা প্ৰভাৱ আদি শীৰ্ষক বিষয়সমূহৰো সম্পৰ্কত আলোকপাত কৰা হয় ।

বিষয়সমূহৰ আলোচনাত অংশগ্ৰহণ কৰে ক্ৰমে জীপাল কৃষক শ্ৰমিক সংঘৰ (Jeepal Krishak Shramik Sangha) মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক টিকেন দাস, জয়ন্ত গগৈ, অনন্ত হাজৰিকা, ক্ষুদ্ৰ চাহ খেতিয়ক সুৰক্ষা সমিতিৰ সম্পাদক লক্ষীকান্ত কুৰ্মী, সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাস, চাদ্দাম হুছেইন, মনোজ তালুকদাৰ আৰু কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাই ।

অনুষ্ঠানত প্ৰায় পাঁচ শতাধিক মহিলা তথা কৃষক ৰাইজ উপস্থিত থাকে। ইয়াৰ আগতে ৰহাত এক প্ৰতিবাদী সমদলো উলিওৱা হয় ।

লগতে পঢ়ক:Pathetic condition in Govt school: স্বাধীনতাৰ 75 বছৰ পাছতো নাৱেৰে বিদ্যালয়লৈ আহে শিক্ষাৰ্থী

ABOUT THE AUTHOR

...view details