নগাঁও, 28 জানুৱাৰী :নগাঁও আৱৰ্ত ভৱনত চলি আছে কীৰ্তিকমল এনকাউণ্টাৰ ঘটনাৰ তদন্তৰ শুনানি (Public hearing of Kirtikamal Bora encounter) । তদন্তকাৰী বিষয়াক সাক্ষ্যদান কৰিবলৈ নগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈছে কীৰ্তিকমল বৰাৰ পিতৃ-মাতৃ । ৰাজ্যৰ অতিৰিক্ত মূখ্য সচিব পৱন বৰঠাকুৰ উপস্থিত হৈ পুৱাৰ পৰা গ্ৰহণ কৰিছে ঘটনাৰ শুনানি । ইতিমধ্যে এন্টি নাৰ্কটিক স্কোৱাডৰ লোকৰ লগতে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক প্ৰায় তিনি ঘণ্টা সময় জেৰা চলায় তদন্ত কমিটিয়ে (Interrogation of SP Anand Mishra) ।
ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ ভাষ্যও গ্ৰহণ কৰিব তদন্ত কমিটিয়ে । ইতিমধ্যে নগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈছে কীৰ্তিকমল বৰাৰ পিতৃ মাতৃ । কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাত জড়িত আৰক্ষীৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ পৰিয়ালৰ লোকে দাবী কৰিছিল যদিও ঘটনা সংঘটিত হোৱা নিশা অভিযুক্ত আৰক্ষীৰ স্বাস্থ্য পৰীক্ষা নকৰাৰ অভিযোগ উত্থাপন কৰিছে পিতৃকমল বৰাৰ পিতৃ নিলকমল বৰাই ।