নগাঁও,15 জুলাই :ৰাজ্যৰ প্রান্তে প্রান্তে গঢ়ি উঠিছে মানৱ দেহৰ অংগৰ (human organs business) ভয়ংকৰ ছিণ্ডিকেট । এইবাৰ চাকৰি দিয়াৰ নামত যুৱকৰ বৃক্ক নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগে পুনৰ সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । বুধবাৰে নগাঁৱৰ কৈৱৰ্ত হুজগাঁৱৰ একাংশ লোকৰ কিডনী (KIDNY) বিক্ৰীৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত পোহৰলৈ আহিছে এটাৰ পিছত এটা ভয়ংকৰ ঘটনা । কেইদিনমান পূৰ্বে হুজগাঁৱৰ দীপক সিং নামৰ লোকজনক চাকৰি দিয়াৰ প্ৰলোভন দি একেটা অঞ্চলৰে পদ্মকান্ত ভড়ালী আৰু দ্বীপ দাসে বহিঃৰাজ্যলৈ লৈ গৈছিল চাকৰি দিয়াৰ প্ৰলোভন দি।
গাৰ্ডৰ চাকৰি দিয়াৰ প্ৰলোভন দি কলিকতালৈ নি এখন চিকিৎসালয়ত পৰীক্ষা কৰাবলৈ লওঁতেই সন্দেহ ওপজে দীপক সিঙৰ (DIPAK SINGH)। স্বাস্থ্য পৰীক্ষা (HELTH) কৰাবলৈ অস্বীকাৰ কৰে দীপক সিঙে । লগে লগে দীপক সিঙক চাৰি লাখ টকা দিয়াৰো প্ৰলোভন দিয়ে দুই অভিযুক্তই । বিনিময়ত কিডনী দিবলৈ হেঁচা প্ৰদান কৰে দীপক সিঙক । নিজৰ দেহৰ পৰা কিডনী লৈ যোৱাৰ বিষয়ে গম পোৱাৰ লগে লগে কৌশলেৰে চিকিৎসালয়ৰ পৰা পলায়ন কৰে দীপক সিঙে ।