অসম

assam

By

Published : Jan 18, 2020, 9:01 AM IST

ETV Bharat / state

চাইক্লিষ্ট গংগোত্ৰীক ৰহাত উষ্ম আদৰণী

গংগোত্ৰীক জনসেৱা পুথিভৰাঁল, তিৱা ৰাজ দৰবাৰ, গংগোত্ৰীয়ে অধ্যয়ন কৰা কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয়, সৰাগাওঁ হাইস্কুল, কটহগুৰি মধ্য ইংৰাজী বিদ্যালয়, মাছ, আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিৱা ছাত্ৰ সন্থা, ৰহা কৰ্মচাৰী পৰিষদে সম্বৰ্ধনা জনায়।

খেলো ইণ্ডিয়াত সোণৰ পদক প্ৰাপ্ত গংগোত্ৰী বৰদলৈক সম্বৰ্ধনা
খেলো ইণ্ডিয়াত সোণৰ পদক প্ৰাপ্ত গংগোত্ৰী বৰদলৈক সম্বৰ্ধনা

ৰহা, 18 জানুৱাৰীঃখেলো ইণ্ডিয়াত পদক প্ৰাপ্তগংগোত্ৰী বৰদলৈক লৈ ৰহাৰ কটহগুৰিত ব্যাপক উছাহৰ ঢল । ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে জিলিকি উঠা গংগোত্ৰী বৰদলৈয়ে গুৱাহাটীত অনুষ্ঠিত তৃতীয় 'খেলো ইণ্ডিয়া' চাইক্লিঙতসোণ, ৰূপ আৰু ব্ৰঞ্জৰ তিনিটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হয়। শুকুৰবাৰে প্ৰতিভাবান গংগোত্ৰী স্বগৃহলৈ অহাৰ লগে লগে ৰহাৰ কটহগুৰিত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

অঞ্চলটোৰ ৰাইজে গংগোত্ৰীক ৰহাৰ সৰাগাৱঁৰ পৰা ঢোলে দগৰে আদৰি আনে আৰু কটহগুৰি খেলপথাৰত ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় । গংগোত্ৰীক জনসেৱা পুথিভৰাঁল, তিৱা ৰাজ দৰবাৰ, গংগোত্ৰীয়ে অধ্যয়ন কৰা কটহগুৰি নেহৰু প্ৰাথমিক বিদ্যালয়, সৰাগাওঁ হাইস্কুল, কটহগুৰি মধ্য ইংৰাজী বিদ্যালয়, মাছ, আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তিৱা ছাত্ৰ সন্থা, ৰহা কৰ্মচাৰী পৰিষদে সম্বৰ্ধনা জনায় ।

খেলো ইণ্ডিয়াত সোণৰ পদক প্ৰাপ্ত গংগোত্ৰী বৰদলৈক সম্বৰ্ধনা

লগতে গংগোত্ৰীৰ বাসভৱনত তিৱা স্বায়ত্ব পৰিষদৰ সদস্যসহ তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাই উপস্থিত হৈ খেলুৱৈগৰাকীক উষ্ম আদৰণি জনোৱাৰ লগতে স্বায়ত্ব পৰিষদৰ পৰা 1 লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণ কৰে । ৰাইজৰ এনে আশীৰ্বাদৰ বাবে গংগোত্ৰী আপ্লুত হোৱাৰ লগতে উৎসাহ লাভ কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে।
লগতে পঢ়কঃ 36 ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া : শৃংখলাত সমতা স্থাপন ভাৰতৰ


For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details