অসম

assam

ETV Bharat / state

কলিয়াবৰত অগপত শতাধিক যুৱকৰ যোগদান - ৰাজনৈতিক দল

সমাগত বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৰাজনৈতিক দল সমূহৰ তৎপৰতা আৰম্ভ হৈছে। দেওবাৰে কলিয়াবৰ জিলা অসম গণ পৰিষদৰ কুঁৱৰীটোলস্থিত জিলা কাৰ্য‍ালয়ত কলিয়াবৰ সমষ্টিৰ বিভিন্ন স্থানৰ নৱ-প্ৰজন্মৰ শতাধিক যুৱকে অগপ দলত যোগদান কৰে।

কলিয়াবৰত অগপত শতাধিক যুৱকৰ যোগদান
কলিয়াবৰত অগপত শতাধিক যুৱকৰ যোগদান

By

Published : Mar 7, 2021, 9:54 PM IST

কলিয়াবৰ,7 মাৰ্চঃ কলিয়াবৰ কংগ্ৰেছত খহনীয়া অব‍্যাহত । ইতিপূৰ্বে শীৰ্ষস্থানীয় নেতাই অগপত যোগদান কৰাৰ পাছতেই দেওবাৰে শতাধিক কংগ্ৰেছী যুৱকে অগপত যোগদান কৰে ৷ সমাগত বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৰাজনৈতিক দল সমূহৰ তৎপৰতা আৰম্ভ হৈছে । দেওবাৰে কলিয়াবৰ জিলা অসম গণ পৰিষদৰ কুঁৱৰীটোলস্থিত জিলা কাৰ্য‍ালয়ত কলিয়াবৰ সমষ্টিৰ বিভিন্ন স্থানৰ নৱ-প্ৰজন্মৰ শতাধিক যুৱকে অগপ দলত যোগদান কৰে।

কলিয়াবৰ জিলা অগপৰ সভাপতি তিলক চন্দ্ৰ নাথ, সম্পাদক পুষ্কৰ মহন্তসহ দলীয় শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যুৱকসকলক অগপ দললৈ আদৰণি জনাই। বিগত সময়ছোৱাত কলিয়াবৰৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰীৰ উন্নয়নমূলক কাৰ্য‍্যত আকৃষ্ট হৈ দলটোত যোগদান কৰে । যুৱকসকলৰ যোগদানে দলটোক অধিক শক্তিশালী কৰিব বুলি দলীয় সূত্ৰই জনায়।

উল্লেখ‍্য যে, কলিয়াবৰ বিধান সভা সমষ্টিত দলৰ কাৰ্য‍্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই চতুৰ্থ বাৰৰ বাবে সমষ্টিৰ পৰা যুঁজ দিবলৈ কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব ।


লগতে পঢ়কঃ কিয় দিল্লীৰ ৰোষত পৰিল শিলাদিত্য...?

ABOUT THE AUTHOR

...view details