ৰহা,১৩ মে':শুকুৰবাৰেৰহাত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health Minister Keshav Mahanta in Raha) । গুণোৎসৱ উপলক্ষে শুকুৰবাৰে ৰহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীৰ উঠিল খং । মন্ত্ৰী কেশৱ মহন্তই ধমক দিয়ে কংগ্ৰেছৰ নিলম্বিত তথা বিজেপিৰ ঘনিষ্ঠ ৰহাৰ বিধায়ক শশীকান্ত দাসক ।
ৰাজহুৱাকৈয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ধমক দিয়ে ৰহাৰ বিধায়কগৰাকীক । কিন্তু কিয় নিলম্বিত বিধায়ক শশীকান্তক ধমক দিয়ে কেশৱ মহন্তই(Minister Keshab Mahanta threatens MLA Shashikant) ?
দৰাচলতে বিধায়কগৰাকীয়ে নিজৰ নিৰাপত্তাৰক্ষীৰে সোমাই আহিছিল বিদ্যালয়খনলৈ । ইয়াতেই খৰ্গহস্ত হৈ পৰে মন্ত্ৰীগৰাকী । বিদ্যালয়লৈ কিয় পুলিচ লৈ আহিছে বুলি প্ৰশ্ন কৰি শীঘ্ৰেই বিদ্যালয়খনৰ চৌহদৰ পৰা আৰক্ষীক যাবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ।