অসম

assam

ETV Bharat / state

আমচৈ চাহ বাগিচাৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে কেশৱ মহন্তই - Keshab Mahanta'

মঙলবাৰে আমচৈ চাহ বাগানত উপস্থিত হৈ বাগানখনৰ ক'ভিদ পৰিস্থিতিৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ মন্ত্ৰীগৰাকীয়ে বাগানখনৰ ক'ভিদ আক্ৰান্তসকলক উপযুক্ত সা সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আক্ৰান্ত লোকসকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷

Keshab Mahanta takes stock of the covid situation in Amsoi tea garden
আমচৈ চাহ বাগিচাৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে কেশৱ মহন্তই

By

Published : May 25, 2021, 10:36 PM IST

ৰহা, 25মে': ৰহাৰ বিভিন্ন স্থানৰ লগতে আমচৈ চাহ বাগানতো দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মঙলবাৰে আমচৈ চাহ বাগানত উপস্থিত হৈ বাগানখনৰ ক'ভিদ পৰিস্থিতিৰ বুজ লয় ৷ মন্ত্ৰীগৰাকীয়ে বাগানখনৰ ক'ভিদ আক্ৰান্ত সকলক উপযুক্ত সা সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি কণ্টেইনমেণ্ট জ'নত থকা লোকসকলৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে।

আমচৈ চাহ বাগিচাৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে কেশৱ মহন্তই

উল্লেখ্য যে, ৰাজ্যত বলৱৎ হৈ থকা সান্ধ্য আইন গ্ৰামাঞ্চলৰ বাবে কিছু সলনি হ'ব বুলিও উল্লেখ কৰে ৷ সম্প্ৰতি চাহ বাগানখনত 64 গৰাকী লোক আক্ৰান্ত হোৱাত নগাঁও জিলা প্ৰশাসনে বাগানখনত দুটাকৈ কণ্টেইনমেণ্ট জ'ন আৰু চাৰিটা ক'ভিদ কেয়াৰ চেণ্টাৰ স্থাপন কৰিছে ৷

লগতে পঢ়ক:অখিল গগৈক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত বিবৃতিযোগে প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ

ABOUT THE AUTHOR

...view details