কলিয়াবৰ, 15 নৱেম্বৰ: কলিয়াবৰক পৰ্যটনৰ আকৰ্ষণীয় ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ পৰিকল্পনা বাস্তৱ ৰূপ দিয়াৰ বাবে পদক্ষেপ লৈছে মন্ত্ৰী কেশৱ মহন্তই ৷ শুকুৰবাৰে কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ সভাগৃহত উত্তৰ-পূৱৰ কেইবাটাও দেশ-বিদেশৰ পৰ্যটকৰ ভ্ৰমণ পৰিচালনা গোষ্ঠীৰ প্ৰতিনিধিৰ মাজত এক আলোচনা সভা অনুষ্ঠিত হয়।সভাত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক তথা জল সম্পদ তথা প্ৰত্নতত্ব বিভাগৰ বিশেষ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই ।
অসমৰ পৰ্যটনৰ নতুন সম্ভাৱনা কলিয়াবৰ! - কলিয়াবৰক আকৰ্ষণীয় পৰ্যটনথলীৰ ৰূপ দিয়াৰ প্ৰয়াস কলিয়াবৰ মহকুমা প্ৰশাসনৰ
কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ কাৰ্বি জনগোষ্ঠীৰ বসতি প্ৰধান নতুন-ডাঙ্গা গাঁৱক "এথ্নিক ভিলেজ" ৰূপে গঢ় দিয়া হৈছে। য'ত বহিঃৰাজ্যৰ কেইবাটাও দলে প্ৰাকৃতিক পৰিৱেশত থলুৱা কাৰ্বি খাদ্য গ্ৰহণ কৰি আপ্লুত হৈছে। শেহতীয়াভাবে ফ্ৰান্সৰ ৰাষ্ট্ৰদূতে উক্ত গাঁওখন পৰিদৰ্শন কৰি গৈছে।
উক্ত সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সিংহভাগ অঞ্চল থকা কলিয়াবৰৰ বিভিন্ন আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰসমূহৰ বিষয়ে পৰিচালন গোষ্ঠীৰ প্ৰতিনিধিবৰ্গক অৱগত কৰা হয়। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত লাওখোৱা অভয়াৰণ্য আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়া চাপৰি অভয়াৰণ্যৰ লগতে কলিয়াবৰৰ বিভিন্ন ঐতিহাসিক স্থান সমূহত থকা পৰ্যটনৰ গুৰুত্বসমূহৰ বিষয়ে পৰিচয় কৰা দিয়া হয়।
এই সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰ আৰু কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ, বোকাখাট আৰু বিশ্বনাথ চাৰিআলিৰ বন বিষয়াৰ লগতে আন বিষয়াবৰ্গও উপস্থিত থাকে। জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিশেষ উদ্যোগক সাকাৰ ৰূপ দিবলৈ কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগৰ নেতৃত্বত প্ৰচেষ্টা অব্যাহত ৰাখিছে কলিয়াবৰ মহকুমা প্ৰশাসনে। ইতিমধ্যে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকৰ বাবে হাতী চাফাৰী আৰু জীপ চাফাৰীৰ বাবে মুকলি কৰা হৈছে।
কাজিৰঙাৰ অন্যতম পৰ্যটন কেন্দ্ৰ বাগৰি জীপ চাফাৰী সন্থাৰে হোৱা আলোচনা মৰ্মে ইতিমধ্যে বহিঃৰাজ্যৰ পৰ্যটকে কলিয়াবৰৰ ঐতিহাসিক শিলঘাট পৰিদৰ্শন কৰে। কলিয়াবৰৰ জখলাবন্ধাৰ সমীপৰ কাৰ্বি জনগোষ্ঠীৰ বসতি প্ৰধান নতুন-ডাঙ্গা গাঁৱক "এথ্নিক ভিলেজ" ৰূপে গঢ় দিয়া হৈছে। য'ত বহিঃৰাজ্যৰ কেইবাটাও দলে প্ৰাকৃতিক পৰিৱেশত থলুৱা কাৰ্বি খাদ্য গ্ৰহণ কৰি আপ্লুত হৈছে। শেহতীয়াভাবে ফ্ৰান্সৰ ৰাষ্ট্ৰদূতে উক্ত গাঁওখন পৰিদৰ্শন কৰি গৈছে।