কলিয়াবৰ,15অক্টোবৰঃ কলিয়াবৰত বৃহস্পতিবাৰে ৪৫০ গৰাকী ভূমিহীন ব্যক্তিক ভূমি পট্টা বিতৰণ কৰে ৰাজ্য চৰকাৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই । কলিয়াবৰৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত বিতৰণ কৰা হয় এই ভূমি পট্টা সমূহ ৷
কলিয়াবৰত 450 গৰাকী ভূমিহীন পৰিয়ালক ভূমি পট্টা বিতৰণ - আমগুৰি অঞ্চলতো ভূমি পট্টা বিতৰণ
বৃহস্পতিবাৰে কলিয়াবৰ ৰাজহ চক্ৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত ৰাজ্য চৰকাৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই 450 গৰাকী ভূমিহীন পৰিয়ালক প্ৰদান কৰে ভূমি পট্টা ৷

কলিয়াবৰত 450 গৰাকী ভূমিহীন পৰিয়ালক ভূমি পট্টা বিতৰণ
কলিয়াবৰত 450 গৰাকী ভূমিহীন পৰিয়ালক ভূমি পট্টা বিতৰণ
উল্লেখযোগ্য যে, শালনাৰ কালাপানী, কেলিডেন চাহ বাগিছা আৰু আমগুৰি অঞ্চলতো ভূমি পট্টা বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে । ইপিনে ভূমি পট্টা বিতৰণ অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগ আৰু ৰাজহ চক্ৰ বিষয়া অন্তৰা সেন ।
লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীক কেবিনেটৰ অতিৰিক্ত দায়িত্ব অৰ্পণ