কলিয়াবৰ,25 মাৰ্চঃসমগ্ৰ অসমত কৰ'ণা ভাইৰাছ সস্পৰ্কীয় পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে মন্ত্ৰীসকলে ৰাজ্যৰ ভিন্ন স্থানত উপস্থিত হয় । বুধবাৰে নগাঁও আৰু শোণিতপুৰ জিলাৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ মহকুমাত কৰ'ণা ভাইৰাছ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ সম্পৰ্কে এক বৈঠকত মিলিত হয় । বৈঠকত স্বাস্থ্য সম্পৰ্কীয় ব্যৱস্থা, প্ৰয়োজনীয় খাদ্য সামগ্ৰী তথা আইন শৃঙ্খলাজনিত বিষয়ৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰা হয় । জৰুৰীকালীন সেৱা যাতে কোনো কাৰণতে বিঘ্নিত নহয় তাৰবাবে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।
কলিয়াবৰত কৰ’ণা ভাইৰাছ সন্দৰ্ভত মহকুমা প্ৰশাসনৰ জৰুৰী বৈঠক অনুষ্ঠিত - কৰ'ণা ভাইৰাছ
মন্ত্ৰী কেশৱ মহন্তৰ নেতৃত্বত কলিয়াবৰ মহকুমা প্ৰশাসনে বুধবাৰে এক জৰুৰী সভা অনুষ্ঠিত কৰে ৷ সভাখনত সকলোকে সামাজিক দুৰত্ব বজাই ৰখাৰ আহ্বান মন্ত্ৰী গৰাকীৰ ৷ তদুপৰি কৰ'ণা ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ মন্ত্ৰী কেশৱ মহন্তৰ ৷
![কলিয়াবৰত কৰ’ণা ভাইৰাছ সন্দৰ্ভত মহকুমা প্ৰশাসনৰ জৰুৰী বৈঠক অনুষ্ঠিত KESAB MAHANTA ON DISCUSSION ON CORONA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6541699-thumbnail-3x2-a.jpg)
জৰুৰী বৈঠক অনুষ্ঠিত
জৰুৰী বৈঠক অনুষ্ঠিত
উক্ত বৈঠকত কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগ, মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস, কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া দ্যুতিভা বৰা, চামগুৰি ৰাজহ চক্ৰ বিষয়া বন্তি তালুকদাৰ, কলিয়াবৰ মহকুমা নিৰ্বাচনী বিষয়া ৰিতুপল্লৱ বৰুৱা, কাৰ্যবাহী দণ্ডাধীশ তথা অতিৰিক্ত আয়ুক্ত লীনা পাৱে মিলি, কাৰ্যবাহী দণ্ডাধীশ তথা অতিৰিক্ত আয়ুক্ত তৃষ্ণা মিপুনকে ধৰি অন্যান্য প্ৰশাসনিক আৰু স্বাস্থ্য বিষয়াসকল উপস্থিত থাকে ৷
লগতে চাওকঃকোভিড-19 ৰোধৰ বাবে মৰিগাঁও জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ