নগাঁও, 15 জুন : নগাঁও জিলাৰ কাটিমাৰীত মঙলবাৰে কেৰালাৰ এখন যাত্ৰীবাহী বাছৰ চালকে গাড়ীৰ ভিতৰতে আত্মহত্যা কৰে । আত্মহত্যা কৰা চালকজন কেৰালাৰ কুঝিকড়ি জিলাৰ অভিজিৎ ওৰফে অপু বুলি জানিব পৰা গৈছে । চালকজনৰ আত্মহত্যাক লৈ কাটিমাৰি অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷
উল্লেখ্য যে, কেৰালাৰ পৰা নগাঁও জিলালৈ অহা বহুকেইখন যাত্ৰীবাহী বাছ শেহতীয়াকৈ আংশিক লক ডাউনৰ পৰিপ্ৰেক্ষিতত আবদ্ধ হৈ পৰে । ইতিমধ্যে ইয়াৰ মাজৰে কেইখনমান বাছ এসপ্তাহ পূৰ্বে কেৰালালৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে নগাঁও জিলা প্ৰশাসনে । আৱদ্ধ হৈ পৰা কেৰালাৰ বাছৰ মাজৰে KL-৬৭৪-A-১০১৪ নম্বৰৰ বাছখনৰ চালক অভিজিতে বহু দিন ধৰি নগাঁৱতে বাছসহ আৱদ্ধ হৈ পৰিছিল ।