মিছাত কেঁকো সাপসহ 6 জন ধৃত - keku snake smuggling
কলিয়াবৰ মহকুমাৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত মিছাত কেঁকো সাপসহ ৬ চোৰাং ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

মিছাত কেঁকো সাপসহ 6 জন ধৃত
কলিয়াবৰ, 25 জুলাইঃ কলিয়াবৰ মহকুমাৰ মিছা আৰক্ষী চকীৰ অন্তৰ্গত মিছাত দুষ্প্ৰাপ্য কেঁকো সাপসহ ৬ চোৰাং ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে অভিযান কালত দুষ্কৃতিকাৰী কেইটাই চলাই অহা এ এছ ০১ ই ডি ০৩২৭ নম্বৰৰ মাৰুতি এল্ট' বাহনো জব্দ কৰে। আটকাধীন দুষ্কৃতিকাৰী কেইটা হৈছে ক্ৰমে নিতুল বিশ্বাস, নমুদ্ৰ মণ্ডল, উপেন মণ্ডল, মুনিন নাৰ্জাৰী, সুবল মণ্ডল আৰু প্ৰণয় সাহা । আৰক্ষীয়ে আটকাধীন লোককেইজনক সোধ-পোছ অব্যাহত ৰাখিছে ।
মিছাত কেঁকো সাপসহ 6 জন ধৃত