অসম

assam

ETV Bharat / state

কলিয়াবৰত উদ্ধাৰ কেঁকোসাপ - কেঁকো সাপ

যিটো সময়ত এচাম চোৰাং চিকাৰীয়ে বনৰীয়া জীৱ-জন্তুকে ধৰি বন ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে সেইটো সময়তে সঞ্জীৱ ডেকা নাম প্ৰকৃতিপ্ৰেমীজনে দাঙি ধৰিলে এক আদৰ্শ । কেঁকো সাপডাল উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি সকলোৰে আদৰ্শ হৈ ৰ'ল সঞ্জীৱ ডেকা ।

কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত কেঁকোসাপ উদ্ধাৰ

By

Published : Jun 11, 2019, 8:52 PM IST

নগাঁও, ১১জুনঃ কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত উদ্ধাৰ হয় এডাল কেঁকো সাপ । প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই উদ্ধাৰ কৰে কেঁকোসাপডাল ।

বিয়লি কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱৰ এটা ধান মিলত লোক এজনে এডাল কেঁকোসাপ প্ৰত্যক্ষ কৰে । এই কথা কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাই গম পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ কেঁকোসাপ ডাল উদ্ধাৰ কৰি শিলঘাট বনাঞ্চলত মুকলি কৰি দিয়ে । সঞ্জীৱ ডেকাৰ এই পদক্ষেপক সকলোৱে ধন্যবাদ জনাইছে ।

কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত কেঁকোসাপ উদ্ধাৰ

লগতে আন এটা বাতৰি- পাকিস্তানে নৰেন্দ্ৰ মোডীৰ বাবে মুকলি কৰিবনে বায়ুসীমা ?

ABOUT THE AUTHOR

...view details