কাজিৰঙাত বন্যপ্ৰাণীৰ বিলৈ - বন্যপ্ৰাণী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমানলৈকে বানৰ কবলত পৰি ৪ টা গঁড়ৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 2৮ টা বন্যপ্ৰাণীৰ মৃত্যু
কলিয়াবৰ, 16 জুলাইঃ মংগলবাৰে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱত এটি পোৱালিৰ সৈতে এটা হাতীৰ জাকে প্ৰৱল বানৰ পৰা পৰিত্ৰাণ বিচাৰি কাজিৰঙাৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে । আনহাতে, শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্ধাৰ হয় এটা সুগৰি পহু । বানৰ পৰা পৰিত্ৰাণ পাবলৈ উলাই অহা পহুটো বিদ্যালয়খনৰ অধ্যক্ষৰ তৎপৰতাত স্থানীয় প্ৰকৃতি প্ৰেমী সঞ্জৱ ডেকাই উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে । দুখৰ কথা যে, ৰাষ্ট্ৰীয় উদ্যান খনত বৰ্তমানলৈকে বানৰ কবলত পৰি 4 টা গঁড়ৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 28 টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ।