অসম

assam

ETV Bharat / state

কাজিৰঙাৰ অসুস্থ গঁড়টোৰ চিকিৎসাৰ দায়িত্বত পদ্মশ্ৰী ডাঃ কুশল শৰ্মা - কাজিৰঙাৰ অসুস্থ গঁড়টো

প্ৰায় ২৭ বছৰ বয়সৰ বয়ষ্ক গঁড়টো পুৱা কিছু দূৰ সাঁতুৰিছিল যদিও দৃষ্টি শক্তি হ্ৰাস পোৱা ফলত থমকি ৰয় গঁড়টো ৷ সেয়ে গঁড়টোক বিশেষ ব‍্যৱস্থাৰে উদ্ধাৰৰ পৰিকল্পনা সদ‍্যহাতে পৰিহাৰ কৰিছে বুলিও জানিবলৈ দিয়ে পদ্মশ্ৰী ডা০ কুশল কুমাৰ শৰ্মাই ।

NH 37 Kaliabar
কলিয়াবৰ

By

Published : Jul 19, 2020, 5:20 PM IST

কলিয়াবৰ, 19 জুলাইঃপূৰ্বতকৈ কিছু সুস্থ হৈ উঠিছে বানত দিশহাৰা হৈ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত অৱস্থান লোৱা গঁড়টো । কিন্তু এতিয়াও সেই স্থান পৰিত্যাগ কৰা নাই গঁড়টোৱে। ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দাঁতিৰ পৰা ৰাষ্ট্ৰীয় উদ‍্যানৰ দিশত অৱস্থান লৈ থকা অসুস্থ গঁড়টোক অসম ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা পদ্মশ্ৰী ডাঃ কুশল কুমাৰ শৰ্মাৰ তত্বাৱধানত এটি চিকিৎসকৰ দলে পৰ্য‍বেক্ষণ কৰি আছে।

লগতে পঢ়কঃওদালগুৰি জিলাৰ হৰিশিঙাত উদ্ধাৰ মাৰণাস্ত্ৰ

পদ্মশ্ৰী ডাঃ শৰ্মাই প্ৰকাশ কৰা মতে, গঁড়টো ক্ৰমাৎ সুস্থ হৈ উঠিছে যদিও চকুৰ বিসঙ্গতি থকাৰ বাবে কিছু অসুবিধাত পৰিছে। কিন্তু গঁড়টোৱে কালিৰে পৰা খাদ‍্য গ্ৰহণ কৰাৰ লগতে পৰ্য‍্যাপ্ত চিকিৎসা সাহাৰ্য‍্য আগবঢ়োৱাৰ ফলত গঁড়টো যথেষ্ট সুস্থ দেখা গৈছে । প্ৰায় ২৭ বছৰ বয়সৰ বয়ষ্ক গঁড়টো পুৱা কিছু দূৰ সাঁতুৰিছিল যদিও দৃষ্টি শক্তি হ্ৰাস পোৱা ফলত থমকি ৰয় গঁড়টো ৷ সেয়ে গঁড়টোক বিশেষ ব‍্যৱস্থাৰে উদ্ধাৰৰ পৰিকল্পনা সদ‍্যহাতে পৰিহাৰ কৰিছে বুলিও জানিবলৈ দিয়ে পদ্মশ্ৰী ডাঃ কুশল কুমাৰ শৰ্মাই ।

অসুস্থ গঁড়টো সন্দৰ্ভত পদ্মশ্ৰী ডাঃ শৰ্মাৰ মন্তব্য

উল্লেখযোগ‍্য যে, শুকুৰবাৰৰে পৰা ৰাষ্ট্ৰীয় উদ‍্যানখনৰ কুঠৰীৰ সমীপৰ বাঘমাৰীত অৱস্থান লৈ থকা গঁড়টোৰ সুৰক্ষাৰ বাবে উদ‍্যান কৰ্তৃপক্ষ, বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী প্ৰশাসন নিয়োজিত হৈ আছে । ইতিমধ‍্যে কাজিৰঙাৰ জলস্তৰ হ্ৰাস পাইছে যদিও খাদ‍্য সংকটত বিশ্ব ঐতিহ‍্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱকূল ‌। ফলস্বৰূপে গঁড়, হাতী, পহু, মহৰ অবাধ বিচৰণ ৰাষ্ট্ৰীয় উদ‍্যানখনৰ কাষৰীয়া জনাঞ্চলত।

ABOUT THE AUTHOR

...view details