কলিয়াবৰ,30 জুন:প্ৰতি বছৰৰ দৰে এইবৰ্ষৰোবানৰ কবলত পৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । উদ্যানখনৰ চাৰিটাকৈ বনাঞ্চল ক্ৰমে–বুঢ়াপাহাৰ, বাগৰি, কঁহৰা আৰু অগৰাতলীৰ বিস্তীৰ্ণ অঞ্চল বুৰ গৈছে লুইতৰ বলিয়া বানত ৷ সম্প্ৰতি উদ্যানখনৰ ৯০ শতাংশ অঞ্চল আছে বানৰ কবলত ৷ উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে এইপৰ্যন্ত বানত ১৪ টাকৈ বন্যপ্ৰাণী মৃত্যুমুখত পৰাৰ কথা প্ৰকাশ কৰিছে । বানৰ বাবে খাদ্য সংকটত ভোগা উদ্যানখনৰ বন্যপ্ৰাণীসমূহে খাদ্যৰ সন্ধানত নিৰাপদ স্থানলৈ গতি কৰাৰ সময়তে আলৈ-আথানিৰ সন্মুখীন হৈছে ৷
বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - বুঢ়াপাহাৰ, বাগৰি, কঁহৰা আৰু অগৰাতলী
কাজিৰঙাত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত বৰ্তমানলৈকে মৃত্যুবৰণ কৰিছে এটা গঁড়কে ধৰি তেৰটা সুগৰী পহুৱে ৷
বৰ্তমান 37নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰমি কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে বন্যপ্ৰাণীসমূহে । কিন্তু এইবেলি বানৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সষ্টম হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ সমান্তৰালকৈ দিনে-নিশাই তহলদাৰী বনকৰ্মীৰ দলসমূহ ব্যস্ত হৈ পৰিছে বন্যপ্ৰাণীৰ সুৰক্ষাত । ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতে যাতে কোনো বন্যপ্ৰাণী যান-বাহনৰ দ্বাৰা দুৰ্ঘটনাৰ সন্মুখীন নহয় তাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতি ৰোধ কৰিবলৈ শীঘ্ৰে টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই ।
লগতে চাওকঃমূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ