কলিয়াবৰ,17 অক্টোবৰঃ কাতি বিহুৰ উপলক্ষে কলিয়াবৰীয়া ৰাইজে জুতি ল'লে ৰবাৱ টেঙাৰ। ধাননি পথাৰৰ দাঁতি কাষৰীয়া পথত কলিয়াবৰীয়া ৰাইজৰ ভীৰ। মহামাৰী ক’ৰণাৰ সংকট কালতো কঙালী বিহুৰ উৎসাহে এনেদৰেই চুই গ'ল কলিয়াবৰবাসীক।
ৰবাৱ টেঙাৰ জুতি লৈ পথাৰত এদল ডেকা গাভৰু - ধাননিৰ কাষৰীয়া ঠাইত
কলিয়াবৰৰ ধাননিৰ কাষৰীয়া ঠাইত ডেকা-গাভৰু, জীয়ৰি-বোৱাৰীৰ লগতে কিছুসংখ্যক পুৰুষকো দেখা গ’ল ৰবাৱ টেঙাৰ জুতি লোৱা ৷
![ৰবাৱ টেঙাৰ জুতি লৈ পথাৰত এদল ডেকা গাভৰু Kati Bihu celebrations at Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9214945-1008-9214945-1602949968377.jpg)
ক’ৰণাৰ মাজতে কলিয়াবৰত কাতি বিহু উদযাপন
ক’ৰণাৰ মাজতে কলিয়াবৰত কাতি বিহু উদযাপন
ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰী আৰু জয়সাগৰ দলনিৰ কাষৰীয়া স্থানৰ লগতে কলিয়াবৰৰ বিভিন্ন স্থানৰ ধাননিৰ কাষৰীয়া ঠাইত ডেকা-গাভৰু, জীয়ৰি-বোৱাৰীৰ লগতে জ্যেষ্ঠ জনেও পৰম্পৰা ৰক্ষা কৰি জুতি ললে ৰৱাৱ টেঙাৰ।
লগতে পঢ়কঃ ৰাজ্যজুৰি পালন কৰিলে হেপাহৰ কাতি বিহু