বঢ়মপুৰ,৪ জুন:অসমৰ বিভিন্ন স্থানত অচিনাক্ত লোকৰ দ্বাৰা ভূমিৰ অবৈধ বেদখল অব্যাহত আছে । নগাঁও জিলাৰ ৰহা সমষ্টিৰ বগলাজান পঞ্চায়তৰ বিভিন্ন স্থানতো সন্দেহযুক্ত লোকৰ দ্বাৰা ভূমি বেদখল কৰি অহাৰ এক অভিযোগ উঠিছে ।
এই ঘটনাকলৈ সৰৱ হৈছে বিভিন্ন দল সংগঠন । বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ কামপুৰৰ গুইমাৰী যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় এক সংবাদ মেলৰ । হিন্দু জাগৰণ মঞ্চ নগাঁও জিলা সমিতি আৰু বিশ্ব হিন্দু পৰিষদৰ নগাঁও জিলা সমিতিৰ বিষয় ববীয়াসকল উপস্থিত থাকে এই সংবাদমেলত ।