বঢ়মপুৰ,১৩ এপ্ৰিল: প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণ কৰাৰ নামত ভেকো-ভাওনা একাংশ ঠিকাদাৰ তথা বিভাগীয় বিষয়াৰ । নগাঁৱৰ কামপুৰৰ চাংচকীত ঠিকাদাৰৰ কামৰ নমুনা দাঙি ধৰিলে এটা পথে । ৫ কোটি ১৩ লাখ টকা ব্যয় সাপেক্ষে চাংচকীৰ পৰা গৰুবাট কুঁহিমাৰী হৈ ধেপাকুছিলৈ নিৰ্মাণ কৰা প্ৰায় ৮ কিল’মিটাৰ দৈৰ্ঘৰ এই পথটোৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই ।
ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে এই পথটোৰ আধাৰশিলা স্থাপন কৰিছিল । ২০১৯ চনত ৭ ছেপ্তেম্বৰতে পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'বলগীয়া আছিল ৷ চি চি ব্লকেৰে নিৰ্মাণ কৰা এই পথটো দুবাৰকৈ নিৰ্মাণ কৰা হৈছে । কিন্তু নিম্নমানৰ কামৰ বাবে বাৰে-বাৰে পথটোৱে বিধ্বস্ত ৰূপ লয় । গছপাতৰ ওপৰতে চি চি ব্লক বহাই দায়িত্ব সামৰিছে ঠিকাদাৰে ।