অসম

assam

By

Published : Jan 31, 2021, 3:39 PM IST

ETV Bharat / state

কামপুৰত মে-ডাম-মে-ফি উদযাপন

কামপুৰত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত মে-ডাম-মে-ফিৰ আয়োজন । বৃহত্তৰ অঞ্চলৰ কামপুৰ টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আহোম গাঁৱৰ চাও-চেং-ৰেন মন্দিৰৰ প্ৰাঙ্গনত উদযাপন কৰে মে-ডাম-মে-ফিৰ ।

কামপুৰত মে-ডাম-মে-ফি উদযাপন
কামপুৰত মে-ডাম-মে-ফি উদযাপন

বঢ়মপুৰ, ৩১ জানুৱাৰী: সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুসৰি দেওবাৰে ৰাজ্যজুৰি টাই আহোম জনগোষ্ঠীৰ লোকসকলে মে-ডাম-মে-ফি উৎসৱ পালন কৰে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ বঢ়মপুৰতো পালন কৰা হয় মে-ডাম-মে-ফি । বৃহত্তৰ কামপুৰ অঞ্চলৰ টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আহোম গাঁৱৰ চাও-চেং-ৰেন মন্দিৰৰ প্ৰাঙ্গনত উদযাপন কৰে মে-ডাম-মে-ফি ।

কামপুৰত মে-ডাম-মে-ফি উদযাপন

টাই আহোম জনগোষ্ঠীৰ লোকে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে । ধৰ্মীয় সামাজিক উৎসৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে । পুৱাই বন্তি প্ৰজ্বলন কৰাৰ লগতে পতাকা উত্তোলন কৰে ৰূপজ্যোতি বৰুৱাই। পতাকা উত্তোলনৰ পিছতেই আহোমসকলৰ লগতে সকলো জনজাতিৰ সহযোগত উলিয়াই এক শোভাযাত্ৰা ।

কামপুৰত মে-ডাম-মে-ফি উদযাপন

উল্লেখ্য যে, ১২২৮ খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই অসমত ৰাজত্ব কৰা দিনৰে পৰাই পালন কৰি অহা হৈছে মে ডাম মে ফী পূজা । মে ডাম মে ফি হ’ল টাই আহোমসকলৰ এক ধৰ্মীয় নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ । প্ৰতিবছৰে ৩১ জানুৱাৰীত পালন কৰা হয় মে-ডাম-মে-ফিৰ । মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে মৃতকৰ দেও ৷ আহোম সকলৰ এই নীতি নিয়মক টাই আহোম ভাষাত খ্য়েক-লাই বুলি জনা যায় ।

লগতে পঢ়ক:স্বাধীনতাৰ পিচৰে পৰা এগৰাকীও মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা নকৰা সমষ্টিটো

ABOUT THE AUTHOR

...view details