বঢ়মপুৰ,12 জুলাইঃ কপিলী আৰু বৰপানীৰ নৈৰ বাঢ়নি পানীয়ে বঢ়মপুৰৰ কামপুৰত চলাইছে ভয়ংকৰ তাণ্ডৱ ৷ বিগত দুটা মাহত অহা প্ৰলয়ংকাৰী বানে কেইবাঠাইটো ছিঙে কপিলী আৰু বৰপানী নৈৰ মথাউৰি ৷ ভগ্ন মথাউৰিসমূহ মেৰামতি নকৰাৰ বাবেই ৰাজ্যৰ তৃতীয়টো বানে ইতিমধ্যে প্লাবিত কৰিছে কামপুৰ ৰাজহ চক্ৰৰ বকুলগুৰি,নলাপাৰা,মাধৱপাৰা,জুৰিপাৰ, পটিয়াপাম,কচুৱাকে ধৰি কেইবাখনো গাঁৱৰ বিস্তীৰ্ণ কৃষিভূমিৰ লগতে বাসগৃহ ৷
কামপুৰত কপিলী আৰু বৰপানীৰ নৈৰ তাণ্ডৱ - কামপুৰ ৰাজহ চক্ৰ
ৰাজ্যৰ তৃতীয়টো বানে প্লাবিত কৰি তুলিছে কামপুৰ ৰাজহ চক্ৰৰ বকুলগুৰি, নলাপাৰা, মাধৱপাৰা, জুৰিপাৰ, পটিয়াপাম, কচুৱাকে ধৰি কেইবাখনো গাঁৱৰ বিস্তীৰ্ণ কৃষিভূমিৰ লগতে বাসগৃহ ৷
আনহাতে, কামপুৰৰ যমুনামুখ সংযোগী গড়কাপ্তানি পথৰ ওপৰেৰে পানী বৈ যোৱাৰ ফলত বন্ধ হৈ পৰিছে যাতায়ত ৷ বানে অঞ্চলটোৰ শালি ধানৰ খেতিসমূহ বিনষ্ট কৰাত মুৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে দুৰ্ভগীয়া কৃষসকলে ৷ কিন্তু ইমানৰ পিছতো বন্যাৰ্তৰ কাষত উপস্থিত হোৱা নাই জনপ্ৰতিনিধিৰ লগতে জিলা প্ৰশাসনৰ কোনো লোক ৷ যাৰ বাবে এতিয়া চৰকাৰ তথা প্ৰশাসনৰ এই নিৰ্লিপ্ত ভূমিকাৰ বাবে ক্ষোভিত হৈ পৰিছে বন্যাৰ্ত ৷
লগতে পঢ়ক-চিকিৎসকৰ ঘৰত হোম কোৱাৰেণ্টাইন ষ্টিকাৰ লগাবলৈ যোৱা আশা কৰ্মীক দুৰ্ব্যৱহাৰ